নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভাৰতক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰিছে । ইয়াৰ সংক্ৰমণ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ লগতে সম্প্ৰতি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ভাৰত । বিশেষকৈ অক্সিজেনৰ তীব্ৰ নাটনিয়ে দেখা দিছে ভাৰতত । ভাৰতৰ এই সংকটকালত সহায়ৰ বাবে বিশ্বৰ কেইবাখনো দেশ আগবাঢ়ি আহিছে ।
অন্যান্য সকলৰ লগতে ভাৰতক সহায় কৰাৰ বাবে হংকং চৰকাৰো আগবাঢ়ি আহিছে । এই উদ্দেশ্যে হংকং চৰকাৰে ৩০০ অক্সিজেন কনচেনট্ৰেটৰচকে ধৰি ক'ভিড প্ৰতিৰোধৰ বাবে বিভিন্ন স্বাস্থ্যসেৱাৰ সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বৃহস্পতিবাৰে নিশা হংকঙৰ পৰা অহা বিশেষ বিমান দিল্লী বিমানবন্দৰত উপস্থিত হৈছে ।
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে টুইটাৰযোগে কয় যে বিশ্বৰ কেবাখনো দেশে ভাৰতক এইদৰে চিকিৎসা সম্পৰ্কীয় সামগ্ৰীসমূহ যোগান ধৰাৰ ফলত ইতিমধ্যে সকলো প্ৰচেষ্টাক অধিক শক্তিশালী কৰি তুলিছে ।
ইয়াৰ পূৰ্বেও আমেৰিকাৰ পৰা ১২০ টা অক্সিজেন কনচেনট্ৰেটৰচকে ধৰি ক'ভিড প্ৰতিৰোধৰ বাবে বিভিন্ন স্বাস্থ্যসেৱাৰ সামগ্ৰী ভাৰতত উপস্থিত হয় । ৰাছিয়াৰ পৰাও মুঠ ২০ টা অক্সিজেন কনচেন্ট্ৰেটৰ, ৭৫ টা ভেণ্টিলেটৰ, ১৫০ টা বেডচাইড মনিটৰ আৰু মুঠ ২২ মেট্ৰিকটন ঔষধ কঢ়িয়াই দুখনকৈ বিমান বুধবাৰে পুৱা দিল্লী বিমানবন্দৰত উপস্থিত হয় ।
ইফালে, ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৬৪৫ জন লোকৰ মৃত্যু হৈছে । আনহাতে, ২,৬৯,৫০৭ জন সুস্থ হৈছে লগতে ৩,৭৯,২৫৭ জন লোক নতুনকৈ মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে । ভাৰতত এতিয়ালৈ মুঠ ৩০,৮৪,৮১৪ টা ঘটনা সক্ৰিয় হৈ আছে । বৰ্তমানলৈকে কৰ'ণাত আত্ৰান্তৰ লোকৰ সংখ্যা ১,৮৩,৭৬,৫২৪ লৈ বৃদ্ধি পাইছে ।
ইফালে, যোৱা ২৪ ঘন্টাত ৩,৬৪৫ জন লোকে প্ৰাণ হেৰুৱাৰ ফলত নিহত হোৱা লোকৰ সংখ্য়া ২,০৪,৮৩২ জনলৈ বৃদ্ধি পাইছে । এতিয়ালৈকে মুঠ ১,৫০,৮৬,৮৭৮ জন লোক এই ৰোগৰ পৰা আৰোগ্য হৈ উঠিছে ।
লগতে পঢ়ক: ব্ৰু ৰিফিউজীৰ পুনৰ সংস্থাপন কেন্দ্ৰ পৰিদৰ্শন বিপ্লৱ দেৱৰ