নেশ্যনেল ডেস্ক, ২৬ ছেপ্টেম্বৰ :দেশত অব্যাহত আছে কৰ’ণাৰ (Corona) সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Health ministry) দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ২৮,৩২৬ গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে । এই সময়চোৱাত কৰ'ণাৰ ফলত দেশত মৃত্যু হৈছে ২৬০ গৰাকী লোকৰ ৷
একেটা দিনতে এই ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে ২৬,০৩২ গৰাকী লোকে ৷ ইয়াৰ লগে লগে দেশত সৰ্বমুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈছে ৩,২৯,০২,৩৫১ গৰাকীলৈ ।
ভাৰতত এতিয়ালৈ সৰ্বমুঠ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪,৪৬,৯১৮ গৰাকীলৈ । অৱশ্যে দেশত এতিয়াও সক্ৰিয় ঘটনা আছে ৩,০৩,৪৭৬ টা । স্বাস্থ্য মন্ত্ৰালয়ে উল্লেখ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত কেৰালাত সৰ্বাধিক ১৬,৬৭১ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে আৰু কেৱল ৰাজ্যখনতে ১২০ গৰাকী লোকৰ মৃত্যু হৈছে ।
সমান্তৰালকৈ দেশত ক'ভিড প্ৰতিষেধক (Covid Vaccine) প্ৰদানৰ অভিযান অব্যাহত আছে । বৰ্তমানলৈ দেশত ৮৫.৬০ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ৷ ইয়াৰে যোৱা ২৪ ঘণ্টাত দেশৰ ভিন্ন প্ৰান্তৰ লোকে ৬৮,৪২,৭৮৬ পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ।
লগতে পঢ়ক :আহি আছে গুলাব...হাই এলাৰ্ট জাৰি