নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: সমগ্ৰ দেশতে বিশেষকৈ মহাৰাষ্ট্ৰত মহামাৰীৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ সময়তে এইবাৰ COVID-১৯ মহামাৰীৰ চিকিৎসাত ব্যৱহৃত ঔষধক লৈও ক'লা বেহা আৰম্ভ কৰিছে একাংশই । মুম্বাইৰ অন্ধেৰীৰ পৰা ৰেমডেচিভিৰ বেজীৰ ২৮০টা ভাইল জব্দ কৰে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই । লগতে দুজন লোককো গ্ৰেপ্তাৰ কৰে ।
শুক্ৰবাৰে আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীৰ অপৰাধ শাখাৰ জালত পৰিছিল ছৰফৰাজ হুছেইন নামৰ এজন লোক । এই লোকজনৰ পৰা আৰক্ষীয়ে ৰেমডেচিভিৰ বেজীৰ ১২টা ভাইল জব্দ কৰে । ছৰফৰাজক জেৰা কৰাৰ পিছতে এই অবৈধ ব্যৱসায়ৰ বহু তথ্য পোহৰলৈ আহে ।
ছৰফৰাজৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে এখন ঔষধৰ ফাৰ্মৰ গুদামত অভিযান চলায় আৰু ১৩.০৫ লাখ টকাৰ আন ২৭২টা নকল ভাইল জব্দ কৰে । আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে, বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা ছৰফৰাজে কৈছিল যে উক্ত ঔষধ ফাৰ্মৰ স্বত্বাধিকাৰীয়ে ছৰফৰাজৰ লগত থকা ভাইলকেইটা ৮,০০০ টকাকৈ বজাৰত বিক্ৰী কৰিবলৈ দিছিল ।