নেশ্যনেল ডেস্ক, 9 জানুৱাৰী:বিগত 24 ঘণ্টাত ভাৰতত 18,222 লোকৰ দেহকত নতুনকৈ ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ লগতে মৃত্যুক সাৱটি লৈছে 228 গৰাকী লোকে ৷ শনিবাৰলৈ দেশত কৰ'ণা মহামাৰীৰ আক্ৰান্ত মুঠ লোকৰ সংখ্যা বৃদ্ধি পায় 1,04,31,639 গৰাকীলৈ ৷ আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 1,50,798 গৰাকীলৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰে এই তথ্য ৷
উল্লেখ্য যে, দেশজুৰি কৰ'ণা মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকে সংখ্যা হৈছে 1,00,56,651 গৰাকী ৷ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ 96.41 শতাংশ হোৱাৰ বিপৰীতে মৃত্যুৰ 1.45 শতাংশ ৷ সম্প্ৰতি দেশত 2,24,190 গৰাকী সক্ৰিয় ৰোগী আছে ৷