নিউজ ডেস্ক, 20 জুন : দিল্লীত গণতন্ত্ৰ দিৱস (Republic Day violence case) ৰ দিনা হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগত দিল্লীৰ এখন আদালতে শনিবাৰে অভিনেতা তথা সমাজকৰ্মী দীপ সিদ্ধু (actor-activist Deep Sidhu) আৰু অন্যান্যসকলৰ বিৰুদ্ধে দাখিল কৰা এখন অভিযোগনামা (Charge Sheet)ৰ শুনানী গ্ৰহণ কৰে ৷ দিল্লীৰ মুখ্য মেট্ৰ'পলিটান ন্যায়াধীশ গজেন্দ্ৰ সিং নগৰে ২৯ জুনত আটাইকেইজন অভিযুক্তক ভিডিঅ' কনফাৰেন্সত উপস্থিত থকাৰ নিৰ্দেশ দিয়ে ৷ আনহাতে ন্যায়িক জিম্মাত থকা মণিন্দৰ সিং আৰু খেমপ্ৰীত সিঙে বিৰুদ্ধে প্ৰডাকছন ৱাৰেণ্ট (Production warrant) জাৰি কৰা হৈছে ৷
উল্লেখ্য যে, কৃষি আইনৰ বিৰোধীতাত চলিত বৰ্ষৰ ২৬ জানুৱাৰীত দিল্লীৰ লালকিল্লাত কৃষকে প্ৰতিবাদ সাব্যস্ত কৰা সময়ত আৰক্ষীৰে সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত কেইবাজনো আৰক্ষীৰ লোক আহত হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ১৭ জুনত এখন পৰিপূৰক অভিযোগনামা (Charge Sheet) দাখিল কৰিছিল । তদন্তকাৰী বিষয়াই চূড়ান্ত প্ৰতিবেদনত গুৰুতৰভাৱে আহত লোকৰ লগতে অস্ত্ৰ কাঢ়ি লোৱা আৰক্ষীৰ নামো উল্লেখ কৰিছিল ।