আগৰতলা, 8 ডিচেম্বৰ :ত্ৰিপুৰা ৰাজ্যিক ৰাইফলৰ ৰাইফলমেন (TSR) সুকন্ত দাসক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ(TSR jawan in Police Remand) প্ৰেৰণ কৰা হৈছে ৷ বিগত শনিবাৰে দাসে তেওঁৰ দুগৰাকী শীৰ্ষ বিষয়াক গুলীয়াই হত্যা কৰিছিল ৷ ত্ৰিপুৰাৰ চেপাহিজালা জিলাস্থিত ন্যায়িক দণ্ডাধীশৰ আদালতে এই ৰায় ঘোষণা কৰে ৷ সংবাদ মাধ্যমৰ আগত বিষয় সন্দৰ্ভত অধিবক্তা গৌতম গিৰিয়ে কয় এনেদৰে, সুকন্ত দাসে চুবেদাৰ মাৰ্কা সিং জামাতিয়াকে ধৰি দুগৰাকীকৈ সহকৰ্মীক হত্যা কৰে ৷ মৃত আনগৰাকী বিষয়া হৈছে চুবেদাৰ কিৰণ কুমাৰ জামাতিয়া ৷
ঘটনাৰ বিৱৰণী অনুসৰি, শীৰ্ষ বিষয়া মাৰ্কা সিং জামাতিয়াৰ সৈতে সুকান্তে ছুটী সম্পৰ্কীয় কোনো কথাত বাদানুবাদত লিপ্ত হয় ৷ ইয়াৰ পিছতে খঙত অগ্নিশৰ্মা হৈ সুকান্তে বিষয়াগৰাকীক গুলীয়াই হত্যা কৰে ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আনগৰাকী বিষয়াই সুকান্তৰ পৰা বন্দুকটো কাঢ়ি ল’বৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয় ৷ তাৰপিছতে তেওঁকো গুলীয়াই ৰাইফলমেন গৰাকীয়ে ৷