অসম

assam

ETV Bharat / bharat

সাংবাদিক ৰাজীৱ শৰ্মাৰ জামিন আবেদন : চৰকাৰৰ স্থিতি স্পষ্টৰ নিৰ্দেশ আদালতৰ - সাংবাদিক ৰাজীৱ শৰ্মা

অহা ২ ডিচেম্বৰৰ পূৰ্বে সাংবাদিক ৰাজীৱ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত চৰকাৰী পক্ষৰ স্থিতি বিষয়ক প্ৰতিবেদন দাখিল কৰিবলৈ দিল্লী আৰক্ষীলৈ জাননী জাৰি কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। চীনা চোৰাংচোৱাক গোপন তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিকগৰাকীক।

সাংবাদিক ৰাজীৱ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত চৰকাৰী পক্ষৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ আদালতৰ
সাংবাদিক ৰাজীৱ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত চৰকাৰী পক্ষৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ আদালতৰ

By

Published : Nov 11, 2020, 7:30 PM IST

নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: দিল্লী উচ্চ ন্যায়ালয়ে বুধবাৰে ফ্ৰীলান্স সাংবাদিক ৰাজীৱ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। চীনা চোৰাংচোৱাক গোপন তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিক ৰাজীৱ শৰ্মাক। ন্যায়াধীশ অনু মালহোত্ৰাই দিল্লী আৰক্ষীলৈ জাননী জাৰি কৰিছে আৰু পৰৱৰ্তী শুনানি অৰ্থাত্ ২ ডিচেম্বৰৰ পূৰ্বে চৰকাৰী পক্ষৰ স্থিতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে। চৰকাৰী পক্ষৰ অধিবক্তা কেবল সিং আহুজাই আৰক্ষীৰ হৈ আদালতৰ জাননী স্বীকাৰ কৰে আৰু পৰৱৰ্তী শুনানিৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰিব বুলি আদালতক জনায়।

যোৱা ১৪ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা ৰাজীৱ শৰ্মাই অভিযোগ উত্থাপন কৰিছে যে, জিম্মাত লোৱাৰ পিছত আৰক্ষীয়ে প্ৰমাণসমূহ নিজৰ মতে সজাইছে। যোৱা ২৮ ছেপ্টম্বৰত দণ্ডাধীশৰ আদালত আৰু ১৯ অক্টোবৰত সত্ৰ ন্যায়াধীশৰ আদালতে সাংবাদিকগৰাকীৰ জামিন আবেদন নাকচ কৰাৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ত জামিনৰ আবেদন জনায় জ্যেষ্ঠ অধিবক্তা আদিশ আগৰৱালাই। ৬১ বছৰীয়া সাংবাদিকগৰাকী দীৰ্ঘদিন ধৰি চাইনাচৰ সমস্যাত ভূগি আছে আৰু ইয়াৰ বাবে ৩ বাৰ অপাৰেচন কৰিবলগীয়া হৈছে। নেব্যুলাইজাৰ ব্য়ৱহাৰ কৰি থকা শৰ্মাৰ বাবে মহামাৰীৰ সময়খিনি আটাইতকৈ ভয়াৱহ হৈ পৰিছে বুলি আদালতক জনাইছে অধিবক্তা আদিশ আগৰৱালাই।

গোচৰত উল্লেখ কৰা মতে, আৰক্ষীক ভাৰতীয় চোৰাংচোৱা সংস্থাই জনাইছিল যে, ৰাজীৱ শৰ্মাৰ চীনা চোৰাংচোৱাৰে সু-সম্পৰ্ক আছে আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আৰু বৈদেশিক বিষয়ত প্ৰভাৱিত কৰিব পৰা বহু গোপন তথ্য চীনা চোৰাংচোৱাক যোগান ধৰাৰ বাবদ ধন লাভ কৰিছিল। ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে গম্ভীৰ গোচৰ আৰু প্ৰমাণ আছে বুলি কাৰণ দৰ্শাই সত্ৰ ন্যায়াধীশৰ আদালতে জামিন আবেদন নাকচ কৰে। আদালতে কয় যে, পৰিয়ালৰ সদস্যই সাক্ষীৰ ভাষ্য সলনি কৰাৰ বাবে চেষ্টা কৰিছে। প্ৰতিৰক্ষা সম্বন্ধীয় তথ্য-পাতিও সাংবাদিকগৰাকীৰ পৰা জব্দ কৰা হৈছে বুলি দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।

লগতে পঢ়ক:ক’ভিড ১৯ মহামাৰীৰ সময়চোৱাত মাতৃ স্বাস্থ্যক সুৰক্ষা প্ৰদানত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ

ABOUT THE AUTHOR

...view details