নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ :নতুন দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ তদন্ত অব্যাহত আছে । আদালতৰ মজিয়াত এই গোচৰটোৱে বিশেষ স্থান লাভ কৰিছে । ইয়াৰ মাজতে দিল্লীৰ এখন আদালতে শুকুৰবাৰে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় এক ধন আত্মসাৎ গোচৰত আম আদমি পাৰ্টীৰ নেতা সঞ্জয় সিঙৰ জামিন আবেদন খাৰিজ কৰে । বিশেষ ন্যায়াধীশ এম কে নাগপালে ৰাজ্যসভাৰ সাংসদ সিঙৰ জামিন আবেদন নাকচ কৰে । এতিয়াও আদালতৰ বিতং আদেশ প্ৰকাশ কৰা হোৱা নাই ।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আদালতে ইয়াৰ কাৰ্যক্ৰম স্থগিত ৰাখিছিল আৰু কৈছিল যে আদালতে ২২ ডিচেম্বৰত সিঙৰ জামিন আবেদনৰ ওপৰত ৰায় ঘোষণা কৰিব । সিঙৰ জামিন আবেদনৰ ওপৰত শুনানিৰ সময়ত তেওঁৰ অধিবক্তাই কৈছিল যে সিঙক উৎকোচ দিয়াৰ বিষয়ে অভিযুক্ত-অনুমোদনকাৰী দিনেশ অৰোৰা আৰু অন্যান্য সাক্ষীসকলৰ বিবৃতিত বিৰোধিতা আছে ।