নেশ্যনেল ডেস্ক, 1 জুন: যোৱা ৮ মাৰ্চত কেৰেলাৰ কান্নুৰত এখন দুচকীয়া বাহন বেৰবিহীন খাৱৈত পৰি দুৰ্ঘটনাত পতিত হোৱাৰ ফলত মৃত্যু হৈছিল এজন ব্যাক্তিৰ ৷ মৃত্যু হোৱা ব্যক্তিজনৰ বিৰুদ্ধে ট্ৰেফিক আইন উলংঘনৰ অভিযোগত আদালতত অভিযোগনামা দাখিল কৰিছিল কেৰেলা আৰক্ষীয়ে (Court imposes penalty on a man who died in accident for traffic violations) ।
দুৰ্ঘটনাত মৃত্যু হোৱা ব্যক্তিজনৰ নাম অ’ ভাস্কৰণ (O Bhaskaran died in an accident) ৷ মৃত অ’ ভাস্কৰণৰ বিৰুদ্ধে আই পি চিৰ ধাৰা ২৭৯ অনুসৰি অসাৱধানতাৰে গাড়ী চলোৱাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল ৷ ইয়াৰ পাছত আদালতে পোনপটীয়াকৈ অথবা এজন অধিবক্তাৰ জৰিয়তে আদালতে নিৰ্ধাৰণ কৰা জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল ।