আগৰতলা,২৪ ছেপ্টেম্বৰ :ত্ৰিপুৰাৰ ধলাই জিলাত থকা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ এক গুৰুত্বপূৰ্ণ ৰায়দান । শহুৰেকক হত্যা আৰু পত্নীক আক্ৰমণৰ সৈতে জড়িত এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে আদালতে (Court awarded man of life imprisonment in Tripura)। আৰক্ষীৰ বিবৃতি অনুসৰি সুভাষ নগৰৰ ৰঙ্গুনা ৰিয়াং নামৰ অভিযুক্তজনৰ বিৰুদ্ধে কেইবাটাও ধাৰাৰ অধীনত আদালতে এই শাস্তি ঘোষণা কৰে ।
আইপিচিৰ ধাৰা ৩০২ৰ অধীনত দণ্ডনীয় অপৰাধৰ বাবে কঠোৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হয় দোষীক (Life imprisonment for killing his father in law)। আনহাতে ১০ হাজাৰ টকাৰ জৰিমনা লগতে ৬ মাহৰ বাবে কঠোৰ কাৰাবাসৰ ঘোষণা কৰে লোকজনৰ বিৰুদ্ধে । আদালতে আইপিচিৰ ধাৰা ৪৪৮ ৰ অধীনত দণ্ডনীয় অপৰাধৰ বাবে এবছৰৰ সশ্ৰম কাৰাদণ্ডৰো নিৰ্দেশ দিয়ে আদালতে । অভিযুক্তক আইপিচিৰ ৩২৩ ধাৰাৰ অধীনত দণ্ডনীয় অপৰাধৰ বাবে ১ বছৰৰ কঠোৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে ।