অসম

assam

ETV Bharat / bharat

Delhi Liquor case : চিছোদিয়াৰ বিৰুদ্ধে ইডিৰ পৰিপূৰক অভিযোগনামাৰ শুনানি স্থগিত - Court extends judicial custody of Sisodia

দিল্লীৰ ৰাউজ এভিনিউ আদালতে মনীষ চিছোদিয়াৰ বিৰুদ্ধে দাখিল কৰা ইডিৰ পৰিপূৰক অভিযোগনামাৰ শুনানি স্থগিত ৰাখে (Supplementary charge sheet filed against Sisodia)। গোচৰটোৰ পৰৱৰ্তী শুনানি ১৯ মে'ত গ্ৰহণ কৰা হ'ব । মঙলবাৰে আদালতে চিছোদিয়াৰ ন্যায়িক জিম্মা ২৩ মে'লৈ বৃদ্ধি কৰিছিল ।

Delhi Liquor case
চিছোদিয়াৰ বিৰুদ্ধে ইডিৰ পৰিপূৰক অভিযোগনামাৰ শুনানি স্থগিত

By

Published : May 10, 2023, 3:49 PM IST

নেশ্যনেল ডেস্ক, ১০ মে': নতুন দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ধন আত্মসাতৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে দাখিল কৰা ইডিৰ পৰিপূৰক অভিযোগনামাৰ শুনানি ৰাউজ এভিনিউ আদালতে স্থগিত ৰাখে (Supplementary charge sheet filed against Sisodia)। আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ১৯ মে'লৈ নিৰ্ধাৰণ কৰিছে ।

ইয়াৰ পূৰ্বে মঙলবাৰে আদালতে চিছোদিয়াৰ ন্যায়িক জিম্মা ২৩ মে'লৈ বৃদ্ধি কৰিছিল (Court extends judicial custody of Sisodia)। দুপৰীয়া ২ বজাত চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালে চিছোদিয়াৰ ন্যায়িক জিম্মা বৃদ্ধি কৰাৰ নিৰ্দেশ জাৰি কৰিছিল । দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ কঠোৰ নিৰাপত্তাৰ মাজেৰে চিছোদিয়া আদালতত উপস্থিত হৈছিল । এই সময়ছোৱাত, চিছোদিয়াই এটা ৰঙীন চাৰ্ট পিন্ধি আদালতৰ কোঠাত প্ৰৱেশ কৰিছিল । আবেলি প্ৰায় ২.২০ বজাত ন্যায়াধীশে আদালতৰ প্ৰক্ৰিয়া আৰম্ভ কৰে । সেই সময়ত চিছোদিয়াক আদালতৰ ভিতৰত তেওঁৰ অধিবক্তাৰ সৈতে ১০ মিনিটৰ বাবে কথা পাতিবলৈ অনুমতি দিয়া হৈছিল ।

উল্লেখ্য যে, চিছোদিয়াই তেওঁৰ পত্নীৰ অসুস্থতাৰ কথা উল্লেখ কৰি ইডি গোচৰত অন্তৱৰ্তীকালীন জামিন বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে । সেই সন্দৰ্ভত আদালতে ইডিৰ পৰা সঁহাৰি বিচাৰিছে । বিষয়টো সন্দৰ্ভত ১১ মে'ত শুনানি হ'ব । চিবিআই গোচৰত চিছোদিয়া ১২ মে'লৈকে ন্যায়িক জিম্মাত আছে । ৮ মে'ত আদালতৰ পৰা ওলাই যোৱাৰ সময়ত চিছোদিয়াই কৈছিল যে, বিজেপিয়ে যিমানে চেষ্টা নকৰক পাটপাৰগঞ্জৰ কাম বন্ধ নহয় ।

ইয়াৰ মাজতে দিল্লীৰ শাসনাধিষ্ঠ আম আদমি পাৰ্টীয়ে দিল্লীৰ আবকাৰী নীতি গোচৰত বিজেপিক সমালোচনা কৰা অব্যাহত ৰাখিছে । আপে দাবী কৰিছে যে বিজেপিয়ে মনীষ চিছোদিয়াক বদনাম কৰাৰ বাবে ক্ষমা বিচাৰিব লাগে কিয়নো ইডি আৰু চিবিআইয়ে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ কোনো প্ৰমাণ দিব পৰা নাই (AAP slams BJP on Liquor scam case)। দিল্লীৰ মন্ত্ৰী তথা আপ নেতা আতিশীয়ে দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে, বিজেপি নেতাসকলে এখন সংবাদমেল সম্বোধন কৰিব লাগে আৰু দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে ।

লগতে পঢ়ক :Karnataka Polls 2023 : এইটোৱে মোৰ অন্তিম নিৰ্বাচন; ভোটদানৰ পিছত সিদ্দাৰামাইয়াৰ ঘোষণা

ABOUT THE AUTHOR

...view details