অসম

assam

কেলেংকাৰীৰ অভিযোগ : অৱশেষত নিৰ্দোষী প্ৰমাণ হ'ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা

By

Published : Nov 9, 2021, 7:02 PM IST

২০০৭ চনতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ আৰু অসামঞ্জস্যপূৰ্ণ সম্পত্তি সম্পৰ্কীয় দুটাকৈ গোচৰ ৰুজু হৈছিল । কিন্তু দীৰ্ঘদিন ধৰি ওকালতি চলাৰ পাছতে সোমবাৰে এক বিশেষ আদালতে মুখ্যমন্ত্ৰীগৰাকীক নিৰ্দোষী ঘোষণা কৰে ।

Court acquits Mizoram CM in cases of power misuse
অৱশেষত নিৰ্দোষী প্ৰমাণ হ'ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গা

নেশ্যনেল ডেস্ক,৯ নৱেম্বৰ :মিজোৰামৰ দুটাকৈ সংগঠন ক্ৰমে দুৰ্নীতি বিৰোধী নিৰীক্ষণকাৰী সংস্থা 'পিপল টু ইনফৰ্মেচন এণ্ড ডেভেলপমেণ্ট ইনভিলিউটিং চ'চাইটি অফ মিজোৰাম' (PRISM) আৰু মিজোৰামৰ 'উপ পাৱল'(Upa Pawl) নামৰ এটা জ্যেষ্ঠ নাগৰিকৰ সংগঠনে ২০০৯ চনত জোৰামথাংগাৰ বিৰুদ্ধে কৃষি বিভাগৰ পৰা এংগল লোৰ পোষ্ট আৰু গোট-প্ৰুফ তাঁৰৰ জাল (goat-proof wire mesh) তেওঁৰ ফাৰ্মৰ বাবে সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগত গোচৰ ৰুজু কৰিছিল ।

আনহাতে ৰাজ্যিক দুৰ্নীতি বিৰোধী ব্যুৰ' (ACB)য়ে আন এক অতিৰিক্ত অভিযোগনামা দাখিল কৰি কৈছিল যে জোৰামথাংগাৰ ওচৰত তেওঁৰ জ্ঞাত উপাৰ্জনৰ উৎসৰ তুলনাত সম্পত্তি অসামঞ্জস্যপূৰ্ণ আছিল । অভিযোগনামাত কোৱা হৈছিল যে ২০০৩ চনত জোৰামথাংগাই তেওঁৰ শপতনামাত ঘোষণা কৰিছিল যে তেওঁৰ ৫৪.১৮ লাখ টকাৰ সম্পত্তি আছে । কিন্তু কোনো জ্ঞাত উপাৰ্জনৰ উৎস পঞ্জীয়ন নকৰাকৈ ২০০৮ চনৰ নিৰ্বাচনৰ পূৰ্বে ১.৩৮ কোটি টকালৈ বৃদ্ধি পাইছিল তেওঁৰ সম্পত্তি ।

এই দুটা পৃথক গোচৰ দীৰ্ঘদিন ধৰি আদালতৰ মজিয়াত আছিল । শেহতীয়াকৈ এই দুয়োটা গোচৰৰ ক্ষেত্ৰত ৰায় প্ৰদান কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক নিৰ্দোষী সাব্যস্ত কৰে আদালতে । ক্ষমতাৰ অপব্যৱহাৰ সম্পৰ্কীয় গোচৰটোত ন্যায়াধীশ ভানলালেনমাৱিয়াই সোমবাৰে কয় যে দৰিদ্ৰ কৃষকসকলৰ সুবিধাৰ বাবে কৃষি বিভাগৰ পৰা সামগ্ৰী আইনীভাৱে জাৰী কৰা হৈছিল ।

আঁচনিখনৰ অধীনত সেই বেৰৰ সামগ্ৰীসমূহ ক্ষুদ্ৰ প্ৰান্তীয় কৃষকসকলক সহায়ৰ বাবে দিয়াৰ ব্যৱস্থা আছে । দৰাচলতে, আঁচনিখনৰ অধীনত সামগ্ৰীৰ যোগানৰ ওপৰত নিৰ্ভৰ কৰি সেই কৃষি সঁজুলিবোৰ আই পুক কৃষক সন্থাক ৫০ শতাংশ ৰাজসাহায্যত বা বিনামূলীয়াকৈ জাৰী কৰিব পাৰে ।

আদালতে কয় যে, আই পুক কৃষক সন্থাই (Aii Puk Farmers' Association) এংগল আইৰণ পোষ্ট আৰু জি.পি. তাঁৰৰ জালৰ বাবে কৃষি আৰু ক্ষুদ্ৰ জলসিঞ্চন বিভাগত আবেদন কৰিছিল আৰু সেইবোৰ সংগঠনক দিয়া হৈছিল । আদালতে লগতে কয় যে অভিযুক্ত মুখ্যমন্ত্ৰীৰ উপাৰ্জনৰ জ্ঞাত উৎসৰ তুলনাত অসামঞ্জস্যপূৰ্ণ সম্পত্তি আছে বুলি প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ পোৱা নাই আৰু সেয়েহে তেওঁ দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ৰ ধাৰা ১৩(২)ৰ অধীনত দোষী সাব্যস্ত নহয় ।

লগতে পঢ়ক :নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ টীকাকৰণৰ বাবে বিশেষ পদক্ষেপ লৈছে ত্ৰিপুৰা চৰকাৰে

ABOUT THE AUTHOR

...view details