অসম

assam

Inter Caste Marriage Controversy : ভিন্ন জাতিৰ মাজত বিবাহ : দম্পতীক ৬ লাখৰ জৰিমনা, সামাজিকভাৱে বৰ্জন

By

Published : Mar 6, 2023, 10:23 PM IST

এইখন সমাজত এতিয়াও বৰ্তী আছে ভিন্ন জাতিৰ মাজত বিবাহৰ বাবে সামাজিক শাস্তি তথা বৰ্জনৰ ঘটনা (Couple fined for inter caste marriage) । এগৰাকী উচ্চ বৰ্ণৰ যুৱকে এগৰাকী নিম্ন বৰ্ণৰ যুৱতীক বিয়া পতাৰ ৫ বছৰ পিছত সন্মুখীন হ'বলগা হৈছে সামাজিক শাস্তিৰ । দম্পতীটোৰ পৰিয়ালক ৬ লাখ টকাৰ জৰিমনা বিহাৰ লগতে গাঁৱৰ পৰা বহিষ্কাৰ কৰা হৈছে । ঘটনাটো সংঘটিত হৈছে কৰ্ণাটতকত ।

Karnataka
Karnataka

নিউজ ডেস্ক, ৬ মাৰ্চ :লাভ জেহাদ, ভিন্ন ধৰ্মৰ মাজত বিশেষকৈ হিন্দু যুৱতীক মুছলিম যুৱকে প্ৰৱঞ্চনাৰে বিয়া পাতি হিন্দু ধৰ্মক কলুষিত কৰাৰ অভিযোগ বৰ্তমান সৰ্বত্ৰে চৰ্চিত হৈ আছে । কিন্তু তাৰ মাজতে একে ধৰ্মৰ মাজত কিন্তু ভিন্ন জাতিৰ যুৱক-যুৱতীৰ বিবাহৰ প্ৰতিক্ৰিয়া তথা সেই সম্পৰ্কৰ বাবে সৃষ্টি হোৱা সামাজিক বিতৰ্কই সময়ে সময়ে চৰ্চাৰ শিৰোনাম দখল কৰি আহিছে । এইবাৰ তেনে এক উচ্চ আৰু নিম্ন জাতিৰ মাজত বিবাহৰ বাবে সৃষ্টি হোৱা এক উত্তেজনাপূৰ্ণ ঘটনা সংঘটিত হৈছে কৰ্ণাটকত (Inter Caste Marriage Controversy in Karnataka) । ৰাজ্যখনৰ চামাৰাজনগৰ জিলাৰ কলিগাল তালুকৰ কুনাগালি গাঁৱত দুটা ভিন্ন জাতিৰ এক বিবাহৰ বাবে এহাল দম্পতীক জৰিমনা বিহা আৰু তেওঁলোকক গাঁৱৰ মানুহে বৰ্জন কৰাৰ ঘটনা পোহৰলৈ আহিছে (family boycott for Inter Caste Marriage) ।

আৰক্ষীয়ে জনোৱা অনুসৰি, দম্পতীটোৱে পাঁচ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল । কিন্তু শেহতীয়াভাৱে গাঁওবাসীয়ে তেওঁলোকৰ বিয়া যে বিভিন্ন জাতিৰ মাজত অনুষ্ঠিত হৈছে সেই বিষয়ে জানিব পাৰে । তাৰ পিছতে গাঁওবাসী দম্পতীটোৰ ওপৰত ক্ষুব্ধ হৈ পৰে আৰু দম্পতীটোক ৬ লাখ টকাৰ জৰিমনা বিহে (Couple fined for inter caste marriage) । লগতে গাঁওখনত তেওঁলোকক বৰ্জন কৰা হয় । ইফালে দম্পতীটোৱে এই অপমান সহ্য কৰিব নোৱাৰি ১ মাৰ্চত কলিগাল আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে ।

উল্লেখ্য, উপ্পাৰা চেট্টী সম্প্ৰদায়ৰ গোবিন্দৰাজুৱে মাণ্ডিয়াৰ অনুসূচিত জাতিৰ শ্বেতাৰ সৈতে প্ৰেমত পৰে । তাৰ পিছত তেওঁলোকে বিবাহৰ সিদ্ধান্ত লয় । এই সম্পৰ্কত ল'ৰা আৰু ছোৱালীৰ উভয় পৰিয়ালে কোনো বিৰোধিতা নকৰাকৈ বিবাহত সন্মত হয় আৰু তেওঁলোকৰ বিবাহ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত সম্পন্ন কৰা হয় ।

"গোবিন্দৰাজু মালাৱল্লিত সংস্থাপিত যদিও প্রায়েই কুনাগলিত থকা তেওঁৰ পিতৃ-মাতৃৰ ওচৰলৈ পত্নীৰ সৈতে আহিছিল । কিন্তু যোৱা মাহত যেতিয়া দম্পতীটো তালৈ আহিছিল, তেতিয়া শ্বেতাই তেওঁৰ চুবুৰীয়াৰ সৈতে কথা পাতোতে প্ৰকাশ কৰে যে তেওঁ এগৰাকী দলিত সম্প্ৰদায়ৰ মহিলা । এই কথাটো ইকাণ সিকাণকৈ গৈ গাঁওখনৰ জ্যেষ্ঠসকলৰ কাণত পৰে । তাৰ পিছত তেওঁলোকে এই বিবাহৰ সম্পৰ্কক সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিলে । যাৰ বাবে তেওঁলোকে ২৩ ফেব্ৰুৱাৰীত এখন সভা অনুষ্ঠিত কৰে । উক্ত সভাতে লোৱা এক সিদ্ধান্তৰ কথা তেওঁলোকে দম্পতীটোৰ পিতৃ-মাতৃক ফোন কৰি জনায় । গাঁওবাসীয়ে জনায় যে এই বিবাহৰ বাবে তেওঁলোকৰ ওপৰত ৩ লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে আৰু তেওঁলোকক ১ মাৰ্চৰ ভিতৰত জৰিমনা পৰিশোধ কৰিবলৈ কয় ।" দম্পতীটোৱে অভিযোগত কয় ।

আনহাতে, দম্পতীটোৱে এই বিষয়ে জানিব পাৰি সঘটনা সন্দৰ্ভত গাঁওখনৰ ১২ জন লোকৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে । কিন্তু পিছত জ্যেষ্ঠসকলে এই অভিযোগৰ বিষয়ে জানিবলৈ পাৰি জৰিমনাৰ পৰিমাণ ৬ লাখ টকালৈ বৃদ্ধি কৰে আৰু গোবিন্দৰাজুৰ পৰিয়ালটোক গাঁওখনৰ পৰা বহিষ্কাৰ কৰে (Couple fined 6 lakh for inter caste marriage) ।

গাঁওবাসীয়ে পৰিয়ালটোক গাঁৱৰ পৰা বাহিৰ উলিয়াই দি ফটোৱা জাৰি কৰে যো তেওঁলোকে গাঁওখনৰ পৰা ৰেচন, পাচলি, গাখীৰ আনকি পানীও ক্ৰয় কৰিব নোৱাৰে । অৱশ্যে ঘটনাটোৰ সন্দৰ্ভত ১৫ জন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে । পিছত সমাজ কল্যাণ বিভাগৰ বিষয়াসকলে ঠাইখন পৰিদৰ্শন কৰি তথ্য সংগ্ৰহ কৰে ।

মন্দিৰত প্ৰৱেশ কৰাৰ বাবে দলিতৰ ঘৰত আক্ৰমণ

আনহাতে, আন এক ঘটনাত হাভেৰী জিলাৰ ৰানেবেন্নুৰ তালুকৰ নন্দীহাল্লি গাঁৱত আন এটা ঘৃণনীয় ঘটনা পোহৰলৈ আহিছে । উক্ত ঘটনাত কিছুমান উচ্চ বৰ্ণৰ লোকে মন্দিৰত প্ৰৱেশ কৰাৰ বাবে এগৰাকী দলিত মাতৃ আৰু তেওঁৰ পুত্ৰৰ ঘৰত আক্ৰমণ কৰে (Attack on Dalits for entering temple) । ৩ মাৰ্চত নন্দীহাল্লিত বাসবেশ্বৰ মন্দিৰ যাত্ৰা মহোৎসৱ চলি থকাৰ সময়ত হেম্মাভা মাল্লাদা আৰু ৰমেশ মাল্লাদা নামৰ এগৰাকী মাতৃ আৰু পুত্ৰও তালৈ গৈছিল । এই কাৰণেই কিছু উচ্চ বৰ্ণৰ লোকে তেওঁলোকক মন্দিৰটোত প্ৰৱেশ কৰিবলৈ দিবলৈ অস্বীকাৰ কৰে আৰু প্ৰৱেশদ্বাৰত তেওঁলোকক দুৰ্ব্যৱহাৰ কৰে । অৱশ্যে বিৰোধিতা সত্ত্বেও তেওঁলোক দুয়োৱে মন্দিৰত প্ৰৱেশ কৰে ।

তাৰ পিছত এই ঘটনাৰ দিনা নিশাতে দলিত মাতৃ আৰু পুত্ৰক কিছু সংখ্যক উচ্চ বৰ্ণৰ লোকে তেওঁলোকৰ ঘৰলৈ গৈ মাতৃ-পুত্ৰৰ ওপৰত নিৰ্যাতন কচলায় । লগতে তেওঁলোকে ঘৰটোৰ ওপৰত আক্ৰমণ চলাই বিস্তৰ ক্ষতি কৰে । ইয়াৰ উপৰি যুৱকজনৰ বাইকখনো ক্ষতিগ্ৰস্ত কৰে । অভিযোগ অনুসৰি হেম্মাভা মাল্লাদা আৰু ৰমেশ মাল্লাদাৰ ওপৰত আক্ৰমণ সংঘটিত হৈছিল । পিছত ভুক্তভোগীসকলে দাখিল কৰা অভিযোগৰ ভিত্তিত হালাগেৰী আৰক্ষী থানাত ৩০ জন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :Send stray dogs to Assam: অসমৰ মানুহে কুকুৰ খায়, অসমত কুকুৰৰ চাহিদা আছে; মহাৰাষ্ট্ৰ বিধায়কৰ বিতৰ্কিত মন্তব্য

ABOUT THE AUTHOR

...view details