নিউজ ডেস্ক, 13 নৱেম্বৰ: বিদেশ ভ্ৰমণ সকলোৰে বাবে এক স্মৰণীয় অভিজ্ঞতা । নতুন নতুন ঠাইৰ সৌন্দৰ্য্য উপভোগ কৰা, সংস্কৃতিৰ অংশ হোৱাটো জীৱনৰ এক অবিস্মৰণীয় অভিজ্ঞতা । কিন্তু আন দেশলৈ যাওঁতে তাত থকা দৃশ্যবোৰ চাবলৈ স্থানীয় ভ্ৰমণৰ সুবিধা গ্ৰহণ কৰিবলগীয়া হয় । কিন্তু, যদি আমি গাড়ী ভাড়া কৰি নিজেই চলাওঁ, তেন্তে সেয়া এক বেলেগ অভিজ্ঞতা । কিন্তু তেনে কৰিবলৈ উপযুক্ত ড্ৰাইভিং লাইচেন্স থাকিব লাগিব ? অৱশ্যে কিছুমান নিৰ্দিষ্ট দেশত আমাৰ ভাৰতীয় ড্ৰাইভিং লাইচেন্সো বৈধ । 'আমাৰ ড্ৰাইভিং লাইচেন্স'ৰ অনুমতি দিয়া সেই দেশবোৰৰ বিষয়ে চকু ফুৰাওঁ আহক...
আমেৰিকা যুক্তৰাষ্ট্ৰ
আমেৰিকাৰ বেছিভাগ প্ৰদেশতে ভাৰতীয় ড্ৰাইভিং লাইচেন্স থকা ব্যক্তিয়ে গাড়ী ভাড়া কৰি গাড়ী চলাব পাৰে । অৱশ্যে অনুজ্ঞাপত্ৰৰ সবিশেষ ইংৰাজীত হ’ব লাগিব । লগতে আমাৰ দেশত বৈধ হ’ব লাগিব । অনুজ্ঞাপত্ৰৰ লগতে আপুনি আমেৰিকাত প্ৰৱেশ কৰাৰ সময়ত অন্যান্য তথ্যৰ সৈতে I-94 ফৰ্মখনো লৈ যাব লাগে । এই সকলোবোৰ যদি শুদ্ধ হয় তেন্তে আমি আমাৰ অনুজ্ঞাপত্ৰ লৈ এবছৰৰ বাবে আমেৰিকাত গাড়ী চলাব পাৰিম ।
জাৰ্মানী
আমাৰ ভাৰতীয় অনুজ্ঞাপত্ৰ জাৰ্মানীত ছমাহৰ বাবে বৈধ । তদুপৰি কাৰ্ডত থকা সবিশেষ জাৰ্মান ভাষালৈ অনুবাদ কৰিব লাগে । অৱশ্যে এইটো বাধ্যতামূলক নহয় ।
অষ্ট্ৰেলিয়া
অষ্ট্ৰেলিয়াৰ কিছুমান ঠাইত ভাৰতীয় ড্ৰাইভিং লাইচেন্সৰ অনুমতি আছে । নিউ চাউথ ৱেলছ, কুইন্সলেণ্ড আৰু চাউথ অষ্ট্ৰেলিয়া আদি অঞ্চলত ভাৰতীয় অনুজ্ঞাপত্ৰ তিনিমাহৰ বাবে বৈধ । ৰাজধানী অঞ্চল আৰু উত্তৰ অঞ্চলকে ধৰি কিছুমান অঞ্চলত এই সময়সীমা এবছৰ পৰ্যন্ত থাকে । অৱশ্যে ইয়াৰ সবিশেষ ইংৰাজীত হ’ব লাগে, নহ’লে সেইবোৰ অনুবাদ কৰি ল’ব পাৰি ।
গ্ৰেট ব্ৰিটেইন