অসম

assam

ETV Bharat / bharat

Tripura municipal election result : আৰম্ভ পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা - ভোট গণনা কেন্দ্ৰত তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী

তীব্ৰ উত্তেজনাৰ মাজতে দেওবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ত্ৰিপুৰা পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া (Tripura municipal election result)। সম্প্ৰতি বহুকেইখন আসনত বিজেপি আগবাঢ়ি আছে ৷ একাংশ ছিটত চিপিআই(এম) আৰু তৃণমূলৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখা গৈছে ।

Tripura election
আৰম্ভ পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা

By

Published : Nov 28, 2021, 10:59 AM IST

আগৰতলা, ২৮ নৱেম্বৰ :কঠোৰ নিৰাপত্তাৰ মাজেৰে দেওবাৰে ত্ৰিপুৰাৰ আঠখন জিলাত আৰম্ভ হৈছে পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া (Tripura municipal election result)। ৰাজ্যিক নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াই সদৰী কৰা মতে, ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে । ৰাজ্যখনৰ ২০ খন পৌৰ নিগমৰ ভিতৰত ১৪ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ কিয়নো শাসকীয় দল বিজেপিয়ে বাকী আসনসমূহ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ।

সূত্ৰৰ পৰা জানিব পৰা মতে, কিছুমান আসনত বিজেপি আৰু মুখ্য বিৰোধী চিপিআই(এম)ৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে । বহুতো আসনত বিজেপি আগবাঢ়ি আছে । অৱশ্যে আগৰতলা পৌৰ নিগমৰ অন্তৰ্গত কেইবাখনো আসনত বিজেপিৰ পাছতে আছে তৃণমূল কংগ্ৰেছ ।

২৫ নৱেম্বৰত মুঠ ৩৩৪ খন আসনৰ ভিতৰত ২২২ খন আসনত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল । বাকী ১১২ খন আসন বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল । সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) সুব্ৰত চক্ৰৱৰ্তীয়ে কোৱা মতে, সমগ্ৰ ৰাজ্যৰ ১৩ টা গণনা কেন্দ্ৰত ভোট গণনা কৰা হ'ব । এইক্ষেত্ৰত প্ৰতিটো ভোট গণনা কেন্দ্ৰৰ বাবে পৰ্যাপ্ত আৰক্ষী নিয়োগ কৰা হৈছে ।

আৰক্ষী বিষয়াগৰাকীৰ মতে প্ৰতিটো ভোট গণনা কেন্দ্ৰতে তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । ত্ৰিপুৰা আৰক্ষী, চিএপিএফৰ লগতে ত্ৰিপুৰা ৰাইফলছ বাহিনীকো মোতায়েন কৰা হৈছে । ইয়াৰ উপৰিও গণনা কেন্দ্ৰসমূহৰ কাষৰীয়া এলেকাসমূহত আইন-শৃংখলা বজাই ৰখাৰ বাবে পৰ্যাপ্ত টিএছআৰ আৰু চিআৰপিএফ মোতায়েন কৰা হৈছে ।

ৰাইজক কোনো ধৰণৰ উৰা বাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে । আনহাতে ভোট গণনা চলি থকাৰ সময়ত আৰু পাছত শান্তি-শৃংখলা বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনাইছে ত্ৰিপুৰা আৰক্ষীয়ে ।

লগতে পঢ়ক :Civic body election in tripura : বিপ্লৱ দেৱে ক’লে শেহতীয়া নিৰ্বাচন গণতন্ত্ৰৰ উৎকৃষ্ট নিদৰ্শন

ABOUT THE AUTHOR

...view details