অসম

assam

ETV Bharat / bharat

Cough syrup bottle seized : আগৰতলা ষ্টেচনত লক্ষাধিক টকাৰ কফ চিৰাপৰ বটল জব্দ - আগৰতলাত প্ৰায় ১ লাখ টকাৰ কফ চিৰাপৰ বটল জব্দ

আগৰতলা ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ কফ চিৰাপৰ বটল (Cough syrup bottles seized at Agartala railway station)। ত্ৰিপুৰা আৰক্ষী, ৰে'লৱে আৰক্ষী আৰু এণ্টি নাৰ্ক'টিক্স দলৰ যুটীয়া অভিযানত জব্দ নিচাজাতীয় সামগ্ৰীখিনি । শিলচৰৰ পৰা আগৰতলা অভিমুখী ৰে'লখনৰ পৰা জব্দ সামগ্ৰীখিনি ।

Cough syrup bottles seized at Agartala railway station
আগৰতলাত প্ৰায় ১ লাখ টকাৰ কফ চিৰাপৰ বটল জব্দ

By

Published : May 1, 2022, 11:26 AM IST

আগৰতলা,১ মে' :নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ অভিযান অব্যাহত আছে (Tripura police raid against narcotics)। তেনে এক অভিযানৰ মাজতে আগৰতলা ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় কফ চিৰাপৰ বটল (Cough syrup bottles seized at Agartala railway station)। অসমৰ শিলচৰৰ পৰা আগৰতলা অভিমুখী ৰে'লখনত ত্ৰিপুৰা আৰক্ষী, ৰে'লৱে আৰক্ষী আৰু এণ্টি নাৰ্ক'টিক্স দলৰ যুটীয়া অভিযানত জব্দ এই কফ চিৰাপৰ বটলখিনি ।

আমতালী মহকুমা আৰক্ষী বিষয়া আশীষ দাসগুপ্তাই জনোৱা মতে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দলটোৱে ৰে'লখনত অভিযান চলাইছিল । তেওঁ উল্লেখ কৰা মতে পুৱা ৰে'লখনৰ পাৰ্চেল ডবাৰ পৰা আনলোড কৰাৰ সময়তে আৰক্ষীয়ে নিষিদ্ধ সামগ্ৰীখিনি জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জনোৱা মতে প্ৰায় ৫৪ কাৰ্টন জব্দ কৰা হৈছে য'ত ৩০,০০০ তকৈও অধিক কফ চিৰাপৰ বটল ৰখা হৈছিল (Huge amount of contraband items seized at Agartala)। প্ৰতিটো কাৰ্টনত প্ৰায় ৩২০ টাকৈ কফ চিৰাপৰ বটল আছে ।

আশীষ দাসগুপ্তা, মহকুমা আৰক্ষী বিষয়া, আমতলী

দাসগুপ্তাই জনোৱা মতে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । নিষিদ্ধ সামগ্ৰীখিনিৰ মূল্য প্ৰায় ১ লাখ টকা হ'ব বুলি জানিব পৰা গৈছে । অৱশ্যে এই নিষিদ্ধ সামগ্ৰীৰ সৈতে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

লগতে পঢ়ক :ডিগবৈৰ ভীমপথাৰত উদ্ধাৰ সন্দেহজনক বিস্ফোৰক সামগ্ৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details