অসম

assam

ETV Bharat / bharat

হ্ৰাস পাইছে ৰন্ধন গেছৰ মূল্য - প্ৰতিটো ৰন্ধন গেছৰ মূল্য ১০ টকাকৈ হ্ৰাস

হ্ৰাস পাইছে ৰন্ধন গেছৰ মূল্য । বৃহস্পতিবাৰৰ পৰা দেশত প্ৰতিটো ৰন্ধন গেছৰ মূল্য ১০ টকাকৈ হ্ৰাস । ফলত ৮০৯ টকা হয়গৈ প্ৰতিটো ৰন্ধন গেছৰ মূল্য ।

হ্ৰাস পাইছে ৰন্ধন গেছৰ মূল্য
হ্ৰাস পাইছে ৰন্ধন গেছৰ মূল্য

By

Published : Apr 1, 2021, 6:07 PM IST

নেশ্যনেল ডেস্ক, ১ এপ্ৰিল: দেশজুৰি অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ শ্ৰেণীৰ লোকক জুৰুলা কৰি তোলাৰ সময়তে কিছু সকাহ প্ৰদান ৰাইজক । বৃহস্পতিবাৰৰ পৰা দেশত প্ৰতিটো ৰন্ধন গেছৰ মূল্য ১০ টকাকৈ হ্ৰাস কৰা হয় । ফলত ৮০৯ টকা হয়গৈ প্ৰতিটো ৰন্ধন গেছৰ মূল্য । পূৰ্বে, প্ৰতিটো ৰন্ধন গেছৰ মূল্য আছিল ৮১৯ টকা । উল্লেখ্য যে, ২০২০ চনৰ নৱেম্বৰ মাহৰ পৰা অভাৱনীয়ভাৱে দেশত তেল আৰু পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ মূল্য বৃদ্ধি পাই আহিছে ।

COVID-১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত আৰু প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াৰ বাবে ২০২১ চনৰ মাৰ্চৰ দ্বিতীয় ভাগত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেল আৰু পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ মূল্য হ্ৰাস পাইছে বুলি ভাৰতীয় তেল নিগমে এক বিবৃতিযোগে প্ৰকাশ কৰে ।

লগতে পঢ়ক:বিজেপি নেতাৰ বাসগৃহত উগ্ৰপন্থীৰ গুলীচালনা

ABOUT THE AUTHOR

...view details