অসম

assam

ETV Bharat / bharat

PM Modi slams INDIA: বিৰোধী মিত্ৰজোঁট 'INDIA'ক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰীৰ

ভাৰতে দুৰ্নীতি, ৰাজবংশ আৰু তোষণ ত্যাগ কৰা উচিত । চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু অফ ইউনিটি পৰিদৰ্শন নকৰাৰ বাবে বিৰোধীক সমালোচনা মোডীৰ । অমৃত ভাৰত ৰে'ল ষ্টেচনৰ অধীনত দেশৰ প্ৰায় ৫০৮ টা ৰে'ল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন ।

By

Published : Aug 6, 2023, 5:19 PM IST

PM Modi slams INDIA
বিৰোধী মিত্ৰজোঁট 'INDIA'ক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,৬ আগষ্ট :বিৰোধী মিত্ৰজোঁট 'INDIA' গঠন হোৱাৰ পাচৰে পৰা শাসকীয় বিজেপিয়ে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰা দেখা গৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এইবাৰ 'INDIA'ক তীব্ৰ সমালোচনা কৰে । বিৰোধী মিত্ৰজোঁট 'INDIA'ক আক্ৰমণ কৰি তেওঁ কয় যে দেশখনে দুৰ্নীতি, ৰাজবংশ আৰু তোষণ ত্যাগ কৰিব বিচাৰে । তেওঁ কয় যে বিৰোধী দলসমূহৰ এটা অংশই নিজে একো নকৰে আৰু আনকো কাম কৰিবলৈ নিদিয়ে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনত কেৱল এটা প্ৰতিধ্বনি শুনিবলৈ পোৱা গৈছে । ভাৰত ত্যাগ আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমগ্ৰ দেশে এতিয়া কৈছে যে দুৰ্নীতি, ৰাজবংশ আৰু তোষণে ভাৰত ত্যাগ কৰিব লাগে । বিৰোধী দলৰ এটা অংশই এই সিদ্ধান্ত লৈছে যে তেওঁলোকে নিজে কাম নকৰে বা আনকো কাম কৰিব নিদিয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৫০৮ টা ৰে'ল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে ।

তেওঁ চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু অফ ইউনিটি পৰিদৰ্শন নকৰাৰ বাবে বিৰোধী নেতাসকলক সমালোচনা কৰে । বিৰোধীয়ে নতুন সংসদ ভৱন, পুনৰ উন্নয়ন কৰা কৰ্তব্য পথ আৰু বাকী সকলোবোৰৰ বিৰোধিতা কৰিছিল । প্ৰধানমন্ত্ৰী মোদীৰ মতে ৭০ বছৰ ধৰি বিৰোধীয়ে দেশৰ সাহসীসকলৰ বাবে যুদ্ধ স্মাৰক নিৰ্মাণ নকৰিলে । এতিয়া, যেতিয়া বিজেপিয়ে নিৰ্মাণ কৰিছে তেওঁলোকে ইয়াক সমালোচনা কৰিবলৈ লাজ অনুভৱ কৰা নাই বুলিও কয় । তেওঁৰ মতে প্ৰতিগৰাকী ভাৰতীয় চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু অৱ ইউনিটিৰ বাবে গৌৰৱান্বিত হোৱা উচিত । যি বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি । কিন্তু কিছুমান ৰাজনৈতিক দলৰ নেতাই ইয়াক দৰ্শনো কৰা নাছিল বুলি অভিযোগ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

উন্নয়ন চৰকাৰৰ অগ্ৰাধিকাৰ বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নেতিবাচক ৰাজনীতিৰ উৰ্ধত উঠি চৰকাৰে ইতিবাচক ৰাজনীতিৰ পথত আগবাঢ়িছে । তেওঁ লগতে কয় যে ৰাজ্যসমূহত কোন দল শাসনত আছে তাক উপেক্ষা কৰি উন্নয়নক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ মতে ভাৰতৰ ধাৰণা সলনি হৈছে আৰু বিশ্বৰ আগত ভাৰতৰ সন্মান বৃদ্ধি পাইছে । আজি সমগ্ৰ বিশ্বই ভাৰতৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

সমগ্ৰ দেশৰ প্ৰায় ১৩০০ টা ৰে'ল ষ্টেচন অমৃত ভাৰত ৰে'ল ষ্টেচন হিচাপে নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰথম ৫০৮ টা ষ্টেচনৰ পুনৰ নিৰ্মাণৰ বাবে ২৫,০০০ কোটি টকা ব্যয় কৰা হৈছে ।

প্ৰতিটো অমৃত ষ্টেচন অত্যাধুনিক আৰু প্ৰাচীন ঐতিহ্যৰ প্ৰতীক হৈ পৰিব । এয়া সোণালী যুগৰ আৰম্ভণি বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে । নতুন শক্তি, নতুন আকাংক্ষা আৰু নতুন সংকল্প আছে । এয়া ভাৰতীয় ৰে'লৰ ইতিহাসৰ এক নতুন অধ্যায়ৰ আৰম্ভণি বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :BJP to attack Rahul: ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে সকাহ দিয়াত অসন্তুষ্ট শাসকীয় বিজেপি

ABOUT THE AUTHOR

...view details