নিউজ ডেস্ক, 5 ডিচেম্বৰ :জেৰুজালেমত পুনৰ আৰম্ভ হ’ল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে দুৰ্নীতিৰ বিচাৰ । ইজৰাইলৰ সৰ্ববৃহৎ দূৰসংযোগ কোম্পানী বেজেকৰ সুবিধা বৃদ্ধি কৰি দিয়াৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে ৷ ৰাষ্ট্ৰসংঘই এক বিবৃতিত কয় যে, সপ্তাহৰ শেষৰ ফালে গাজাত ইজৰাইল আৰু হামাছ আৰু অন্যান্য পেলেষ্টাইনী গোটৰ মাজত পুনৰ সংঘৰ্ষ আৰম্ভ হোৱাত ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছ উদ্বিগ্ন হৈ পৰিছে ।
ইজৰাইল-হামাছৰ সংঘাতৰ মাজত দুমাহতকৈ অধিক সময় স্থবিৰ হৈ থকা গোচৰ সোমবাৰে পুনৰ আৰম্ভ হয় ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে । শুনানিৰ সময়ত, জেৰুজালেম জিলা আদালতে তথাকথিত "কেছ ৪০০০"ৰ ওপৰত আৰক্ষী তদন্তকাৰীৰ জেৰাৰ শুনানি গ্ৰহণ কৰে, য’ত নেতান্যাহুৱে তেওঁৰ মালিকানাধীন এটা বাতৰি ৱেবছাইটৰ পৰা অনুকূল কভাৰেজৰ বিনিময়ত ইজৰাইলৰ সৰ্ববৃহৎ দূৰসংযোগ কোম্পানী বেজেকক নিয়ন্ত্ৰণমূলক সুবিধা প্ৰদান কৰা বুলি অভিযোগ উঠিছে । সৰ্ববৃহৎ টেলিকমিউনিকেচন কোম্পানী বেজেকৰ বাবে নিয়ামক লাভালাভ বৃদ্ধি কৰিছিল বুলি অভিযোগ কৰা হৈছে তেওঁৰ বিৰুদ্ধে ।
গোচৰটো ২০২০ চনৰ আৰম্ভণিৰ পৰা চলি আছে । গোচৰটোৰ অন্তিম শুনানি ২০ ছেপ্টেম্বৰত হৈছিল । সংবাদ সংস্থা ছিনহুয়াৰ প্ৰতিবেদন অনুসৰি, পৰৱৰ্তী সময়ত চলিত ইজৰাইল-হামাছৰ সংঘৰ্ষৰ বাবে আদালতৰ বৈঠক অনুষ্ঠিত হোৱা নাছিল । ইজৰাইলৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী নেতান্যাহুৰ বিৰুদ্ধে উৎকোচ লোৱাৰ তিনিটা পৃথক গোচৰ ৰুজু হৈছে ৷ প্ৰৱঞ্চনা আৰু বিশ্বাস ভংগৰ অভিযোগত বিচাৰৰ সন্মুখীন হ’বলগীয়া হৈছে কিন্তু তেওঁ কোনো ধৰণৰ অন্যায়ৰ কথা অস্বীকাৰ কৰিছে ৷