নিউজ ডেস্ক, 17 অক্টোবৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেওবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত 24 ঘণ্টাত 14,146 গৰাকী লোক নতুনকৈ কৰ’ণা আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 144 গৰাকীৰ ৷ কৰ’ণাৰ পৰা ইতিমধ্যে আৰোগ্য লাভ কৰিছে 19,788 গৰাকীয়ে আৰু বৰ্তমানেও সক্ৰিয় হৈ আছে 5,786 টা ঘটনা । এই সপ্তাহত দ্বিতীয়বাৰৰ বাবে কৰ’ণা আক্ৰান্ত ৰোগী সংখ্যা 15 হাজাৰৰ তললৈ হ্ৰাস পাইছে ৷
কৰ’ণা মহামাৰীত বৰ্তমানলৈ ৩৪ নিযুত ৬৭ হাজাৰ লোক আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত 4 লাখ 52 হাজাৰ 124 জন লোকৰ মৃত্যু হৈছে । আনহাতে এতিয়ালৈকে ৩৩৪ লাখ ১৯ হাজাৰ লোক আৰোগ্য হৈছে । ইয়াৰ লগতে দেশত কৰ’ণাৰ সক্ৰিয় ঘটনাৰ সংখ্যা দুই লাখতকৈও কম হৈছে । অৱশ্যে 1,95,846 জন লোক এতিয়াও কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে ৷