অসম

assam

By

Published : Apr 16, 2021, 12:31 PM IST

ETV Bharat / bharat

স্বামীৰ মৃত্যু সহ্য কৰিব নোৱাৰি ৩ বছৰীয়া পুত্ৰ সহিতে আত্মহত্যা মহিলাৰ

মহাৰাষ্ট্ৰৰ নান্দে জিলাত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে । এগৰাকী কৰ'ণাত আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ পাচত তেওঁৰ পত্নীয়ে ৩ বছৰীয়া পুত্ৰ সহিতে পুখুৰীত জঁপিয়াই আত্মহত্যাৰ পথ বাছি লয় ।

স্বামীৰ মৃত্যু সহ্য কৰিব নোৱাৰি ৩ বছৰীয়া পুত্ৰ সহিতে আত্মহত্যা মহিলাৰ
স্বামীৰ মৃত্যু সহ্য কৰিব নোৱাৰি ৩ বছৰীয়া পুত্ৰ সহিতে আত্মহত্যা মহিলাৰ

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: দেশত কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৰ'ণাৰ দ্বিতীয় ঢৌত জৰ্জৰিত হৈ পৰিছে দেশ । দেশৰ ভিন্ন প্ৰান্তত কেতবোৰ মৰ্মান্তিক ছবি দেখিবলৈ পোৱা গৈছে । চিকিৎসালয়ত বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱ, ভেণ্টিলেটৰৰ অভাৱ আদি দৃশ্য দেখিবলৈ পোৱাৰ সময়তে এইবাৰ মহাৰাষ্ট্ৰত দেখা গৈছে এক মৰ্মান্তিক ছবি । কৰ'ণাত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু সহ্য কৰিব নোৱাৰি ৩ বছৰীয়া পুত্ৰ সহিতে আত্মহত্যা এগৰাকী মহিলাৰ ।

এই ঘটনা মহাৰাষ্ট্ৰৰ নান্দে জিলাৰ লোহা চহৰৰ । স্বামীৰ মৃত্যুৰ এদিন পাচতে ৩ বছৰীয়া পুত্ৰ সহিতে পুখুৰীত জঁপিয়াই আত্মহত্যাৰ কৰে মহিলাগৰাকীয়ে । তিনি সন্তানৰ মাতৃগৰাকীয়ে এজনী কন্যা আৰু এজন পুত্ৰ এৰি থৈ যায় ইহ সংসাৰত ।

দেশত কৰ'ণাৰ কালৰূপ ধাৰণ কৰাৰ বাবে মহাৰাষ্ট্ৰত লক্ ডাউন জাৰি কৰাত দেখা দিয়া আৰ্থিক মন্দাৱস্থাৰ ফলত এই চৰম পদক্ষেপ গ্ৰহণ কৰে মহিলাগৰাকীয়ে । কোনোমতে পেট প্ৰৱৰ্তাই খোৱা পৰিয়ালটি জীৱিকাৰ সন্ধানত অন্ধ্ৰপ্ৰদেশৰ পৰা ৰাজ্যখনৰ লোহালৈ আহিছিল । মহিলাগৰাকীৰ স্বামী কৰ'ণাত আক্ৰান্ত হোৱাৰ তিনিদিন পাচতে মৃত্যু হয় । ঘটনা সন্দৰ্ভত লোহা আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক: মধ্য প্ৰদেশত যৌন নিৰ্যাতনৰ বলি দুই নাবালিকা

ABOUT THE AUTHOR

...view details