অসম

assam

কৰ'ণাৰ বাবে ছত্তিশগড়ৰ চিকিৎসালয়ত হাহাকাৰ

By

Published : Apr 15, 2021, 8:13 PM IST

এইবাৰ কৰ'ণাত আক্ৰান্ত এগৰাকী ৰোগীয়ে হুইল চেয়াৰত বহি ৩ ঘণ্টা জোৰা সময় অক্সিজেন চিলিণ্ডাৰ লৈ থকা দেখা গ'ল । ছত্তিশগড়ত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত বাহিৰতে হুইল চেয়াৰত বহি অক্সিজেন চিলিণ্ডাৰ লৈ থকা দেখা গ'ল ৰোগীক ।

কৰ'ণাৰ বাবে ছট্টিশগড়ৰ চিকিৎসালয়ত হাহাকাৰ অৱস্থা
কৰ'ণাৰ বাবে ছট্টিশগড়ৰ চিকিৎসালয়ত হাহাকাৰ অৱস্থা

নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল: দেশত কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৰ'ণাৰ দ্বিতীয় ঢৌত জৰ্জৰিত হৈ পৰিছে দেশ । দেশৰ ভিন্ন প্ৰান্তত কেতবোৰ মৰ্মান্তিক ছবি দেখিবলৈ পোৱা গৈছে । কোনো চিকিৎসালয়ত বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱ, ভেণ্টিলেটৰৰ অভাৱ আদি দৃশ্য দেখিবলৈ পোৱাৰ সময়তে এইবাৰ ছত্তিশগড়ত দেখা গৈছে মৰ্মান্তিক দৃশ্য ।

কৰ'ণাত আক্ৰান্ত এগৰাকী ৰোগীয়ে হুইল চেয়াৰত বহি ৩ ঘণ্টা ধৰি অক্সিজেন চিলিণ্ডাৰ লৈ থকা দেখা গ'ল । ছত্তিশগড়ত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত চিকিৎসালয়ত বিচনাৰ অভাৱত মহাচামুণ্ডৰ জিলা চিকিৎসালয়ত এইদৰে হুইল চেয়াৰত বহি অক্সিজেন লবলগীয়া হয় ৷

কৰ'ণাৰ বাবে ছত্তিশগড়ৰ চিকিৎসালয়ত হাহাকাৰ

শেহতীয়াকৈ ৰাজ্যখনৰ সংসদীয় সচিবে চিকিৎসালয় পৰিদৰ্শনৰ সময়ত কৰ্তৃপক্ষক প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ প্ৰদান কৰিছিল । এই দৃশ্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । বুধবাৰৰ দিনটোত মহাচামুণ্ডৰত ৩০০ জন লোক মহামাৰীৰ কবলত পৰে । লগতে এজনে প্ৰাণ হেৰুৱায় ।

লগতে পঢ়ক: নিচাযুক্ত সামগ্ৰীসহ আঠজন পাকিস্তানী লোক আটক

ABOUT THE AUTHOR

...view details