নেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ :দীপাৱলীক লৈ দেশবাসী ব্যস্ত (Diwali celebration) হৈ থকাৰ মাজতে আন এক উদ্বেগজনক খবৰ । দেশৰ কোনো কোনো স্থানত পুনৰ ক'ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে (Covid infection starts)। ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ক'ভিডৰ ৮৬২ টা নতুন ঘটনা পোহৰলৈ আহিছে (Covid cases in India last 24 hours)। এতিয়ালৈকে দেশত সংক্ৰমিত হোৱা লোকৰ মুঠ সংখ্যা ৪,৪৬,৪৪,৯৩৮ লৈ বৃদ্ধি হৈছে (Covid cases in India)। ক'ভিড সংক্ৰমণৰ ফলত দেশত মৃত্যু হৈছে ৫,২৮,৯৮০ গৰাকী লোকৰ ।
মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, সক্ৰিয় ৰোগীৰ সংখ্যা ২২,৫৪৯ লৈ হ্ৰাস পাইছে । আনহাতে যোৱা ২৪ ঘণ্টাত তিনিগৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । মৃত ৰোগীৰ দুগৰাকীয়ে কেৰালাৰ বুলি জানিব পৰা গৈছে ।
দেশত যোৱা ১১ এপ্ৰিলত সৰ্বনিম্ন ৭৯৬ টা ক'ভিডৰ ঘটনা পোহৰলৈ আহিছিল । বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে মুঠ সংক্ৰমণৰ ০.০৫ শতাংশ, আনহাতে ৰাষ্ট্ৰীয় আৰোগ্য হাৰ হৈছে ৯৮.৭৬ শতাংশ । যোৱা ২৪ ঘণ্টাত, ৬৪৪ গৰাকী লোক আৰোগ্য হোৱা বুলি জানিব পৰা গৈছে (Covid recovery)।