নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল:কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজ্যত পুনৰ কঠোৰভাৱে স্বাস্থ্য বিধি পালনৰ নিৰ্দেশনা দিয়া হৈছে । মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব পালন কৰা আদিৰ ক্ষেত্ৰত নিৰ্ধাৰিত নীতি নিয়ম পালনৰ নিৰ্দেশ দিছে প্ৰশাসনে । কোনো কোনো ঠাইত মাস্ক পৰিধান নকৰা ব্যক্তিৰ পৰা আৰক্ষীয়ে জৰিমনাও গ্ৰহণ কৰিছে ।
এইবাৰ ওড়িশাৰ পুৰীত মাস্ক নিপিন্ধাৰ বাবে আৰক্ষীয়ে জৰিমনা বিহিলে আৰক্ষীক । এনফ'ৰ্চমেন্ট স্কোৱাডে পুৰীৰ এগৰাকী কনিষ্টবলক মাস্ক নিপিন্ধাৰ বাবে ২০০০ টকা জৰিমনা বিহে । বাদা দাণ্ডাৰ মেডিকেল চ'কত কৰ্মৰত আছিল যান-বাহন আৰক্ষীৰ কনিষ্টবল জন ।