অসম

assam

ETV Bharat / bharat

ক’ভিডৰ বিৰুদ্ধে যুঁজি থকা ৰণখনত সমন্বয়ৰ প্ৰয়োজন - বিশ্ব স্বাস্থ্য সন্থা

গংগা নৈত উতি অহা শৱবোৰ, অক্সিজেনৰ অভাৱত প্ৰখ্যাত চিকিৎসালয়বোৰত মৃত্যু হোৱা ৰোগীবোৰ তথা সম্প্ৰতি বাতৰিবোৰত সম্প্ৰচাৰিত হৈ থকা ভয়ানক দৃশ্যবোৰে কৰ’ণা মহামাৰীয়ে দেশখনত কেনে ধৰণৰ ধ্বংস লীলা চলাইছে সেই বিষয়ে অৱগত কৰিছে ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য বিশেষজ্ঞ এন্থনী ফাউছিয়ে কয় যে, ভাৰতবৰ্ষই এই দুৰ্যোগৰ পৰা তেতিয়াহে পৰিত্ৰাণ পাবলৈ সক্ষম হ’ব; যেতিয়া সমগ্ৰ দেশজুৰি সম্পূৰ্ণ লকডাউন এটা বলৱৎ কৰা হ’ব আৰু টীকাকৰণৰ গতি অভিলেখ হাৰত ত্বৰান্বিত কৰি তুলিব লাগিব ৷ আনকি মহামাৰীবিধক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিখন ৰাজ্যই কাৰ্ফিউ আৰু লকডাউন জাৰি কৰাৰ পাচতো ই নিয়ন্ত্ৰণলৈ অহাৰ নামেই লোৱা নাই ৷ টীকাকৰণৰ কাৰ্যসূচী এক স্থিৰ গতিৰে পৰিচালিত হ’ব বুলি আশা কৰা হৈছিল ৷ কিন্তু বৰ্তমান ই হাতৰ পৰা ওলাই গৈছে ৷ কিয়নো প্ৰতিষেধকৰ উপলব্ধতা সম্পৰ্কত কোনো স্পষ্টতা নথকাকৈয়ে কেন্দ্ৰীয় চৰকাৰে ১৮ ৰ পৰা ৪৫ বছৰ বৰ্ষীয় সকলোকে প্ৰতিষেধক প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷

ক’ভিডৰ বিৰুদ্ধে যুঁজি থকা ৰণখনত সমন্বয়ৰ প্ৰয়োজন
ক’ভিডৰ বিৰুদ্ধে যুঁজি থকা ৰণখনত সমন্বয়ৰ প্ৰয়োজন

By

Published : May 14, 2021, 3:29 PM IST

অনুমান কৰা হৈছে যে যদি বৰ্তমানৰ গতিৰে টীকাকৰণ আগবাঢ়ে তেন্তে সমগ্ৰ দেশখনক প্ৰতিষেধক প্ৰদান কৰিবলৈ তিনি বছৰ লাগিব ৷ ইয়াতকৈও ভয়লগা অনুমানবোৰে উজাগৰ কৰিছে যে সময় যোৱাৰ লগে লগে ভাইৰাছ বিধৰ এনে উৎপৰিৱৰ্তন হ’বগৈ যি প্ৰতিষেধকক প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব ৷ নিজৰ বহুবল্কী স্বভাৱৰ পাচতো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ তদানীন্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰতিষেধকৰ গৱেষণা তথা উৎপাদনৰ বাবে ২ হাজাৰ কোটি মাৰ্কিন ডলাৰৰ অনুমোদন দিছিল ৷ একমাত্ৰ সেই পদক্ষেপটোৰ কৃপাতেই মাৰ্কিন যুক্তৰাষ্ট্ৰ আজিৰ পৰিস্থিতিতো আশ্বস্ত হৈ থাকিব পাৰিছে ৷

ইয়াৰ তুলনাত ভাৰতবৰ্ষই ক’ভিডৰ প্ৰতিষেধকৰ বাবে ৩৫ হাজাৰ কোটি টকাৰ অনুমোদন দিছে ৷ কিন্তু প্ৰকৃতপক্ষে ইয়াৰ মাত্ৰ ১৪ শতাংশহে ব্যৱহাৰ কৰা হৈছে ৷ যুক্তৰাষ্ট্ৰীয় গাঁঠনিৰ দোহাই দি এতিয়া কেন্দ্ৰীয় চৰকাৰে ৫০ শতাংশ প্ৰতিষেধক ক্ৰয় কৰাৰ বোজা ৰাজ্য চৰকাৰ সমূহৰ ওপৰত অৰ্পণ কৰিছে ৷ যাৰ ফলত দেশৰ মাত্ৰ ৩ শতাংশ জনতাইহে প্ৰতিষেধকৰ দুয়োটা পালি ল’বলৈ সক্ষম হৈছে ৷ যি সময়ত বিশ্বৰ সৰহ সংখ্যক ৰাষ্ট্ৰই বিশ্ব জনীন বিনামূলীয়া প্ৰতিষেধক প্ৰদানৰ দিশে আগবাঢ়িছে, তেনে সময়তে ভাৰত চৰকাৰে বেচৰকাৰী খণ্ডত প্ৰতি পালি প্ৰতিষেধকৰ মূল্য সাতশ টকাৰ পৰা পোন্ধৰশ টকালৈকে নিৰ্ধাৰণ কৰিছে ৷ এনে ধৰণৰ অসংগতিমূলক প্ৰতিষেধক নীতি অনুসৰণ কৰা কেন্দ্ৰীয় চৰকাৰে কৈছে যে এই বিষয়টোত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিব লগীয়া কোনো ধৰণৰ অৱকাশ নাই ৷ ই অতন্ত্য অযুক্তিসংগত ৷

৩০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে পেটেন্ট অধিনিয়মৰ ৯২, ১০০ নাইবা ১০২ নং ধাৰা বিবেচনা কৰিবলৈ কেন্দ্ৰ চৰকাৰক নিৰ্দেশ দিছে; যাতে জৰুৰীকালিন ঔষধৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায় ৷ কেন্দ্ৰই উচ্চতম নায়ালয়ৰ সন্মুখত কৈছে যে পেটেন্ট অধিনিয়ম, টি আৰ আই পি এছ চুক্তি আৰু দ’হা ধোষণাৰ পৰা উৎপন্ন হোৱা ক্ষমতাৰ ফলত ইয়াৰ ওলোতাটোহে প্ৰমাণিত হ’বগৈ পাৰে ৷ সেয়ে ইয়াত কোৱা হৈছে যে, এই সমস্যাটো কূটনৈতিক পদ্ধতিৰে সমাধান কৰা হৈছে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত ভাৰত চৰকাৰ আৰু দক্ষিণ আফ্ৰিকাই পেটেন্টৰ পৰা ৰেহাই দিয়াৰ পক্ষত ওকালতি কৰিছিল ৷

বিশ্ব স্বাস্থ্য সন্থাই মত পোষণ কৰিছে যে যিহেতু নিয়ম ব্যতিক্ৰমী আৰু জৰুৰীকালিন পৰিস্থিতিৰ বাবেই প্ৰস্তুত কৰা হয়; তেনেস্থলত এই ধৰণৰ জৰুৰীকালিন পৰিস্থিতিত ইয়াক বলৱৎ কৰিব পৰা যায় ৷ মহামাৰীয়ে যিহেতু মৃত্যুৰ বিগুল বজোৱা শুনিবলৈ পোৱা গৈছে; আমেৰিকা যুক্তৰাষ্ট্ৰইও পেটেন্টত ৰেহাই দিয়াৰ প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন জনাইছে ৷ তথাপি বিশেষজ্ঞ সকলে ব্যক্ত কৰিছে যে কেৱল পেটেন্টত ৰেহাই দিলেই এই সংকটপূৰ্ণ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱা নাযাব ৷ যদি প্ৰতিষেধকৰ উৎপাদন ব্যাপক চাহিদা অনুযায়ী হ’ব লাগে তেন্তে অন্য বিভিন্ন সমস্যা সমূহ যেনে প্ৰযুক্তিৰ হস্তান্তৰকৰণ, গুৰুত্বপূৰ্ণ যন্ত্ৰাংশৰ উপলব্ধতা, কেঁচা সামগ্ৰী তথা উপযুক্ত মানৱ সম্পদৰো ব্যৱস্থা কৰিব লাগিব ৷ প্ৰকৃত সত্যটো হ’ল এম আৰ এন এ প্ৰযুক্তিৰ হস্তান্তৰ নকৰাকৈ, আনকি ইন্টেলেক্সুৱেল প্ৰ’পাৰ্ৰ্টি অধিনিয়ম ৰেহাই দিয়াৰ পাচতো ভাৰতবৰ্ষই মডাৰ্না আৰু ফাইজাৰৰ দৰে প্ৰতিষেধক উৎপাদন কৰিব নোৱাৰিব ৷

কেন্দ্ৰই এনে ৰণনীতি গ্ৰহণ কৰা উচিত যাৰ সহায়ত নাগৰিক সকলৰ সৰহ সংখ্যকেই প্ৰতিষেধক লবলৈ যাতে সক্ষম হয় ৷ ইয়াৰ উপৰিও সময়ৰ আহ্বান এইয়ে যে উন্নত দেশবোৰে সৌহাৰ্দতাৰ পৰিচয় দি তেওঁলোকৰ হাতত অধিক হাৰত মজুত থকা প্ৰতিষেধকবোৰ ভাৰতৰ লেখীয়া দেশবোৰৰ সুবিধাৰ্থে মুকলি কৰি দিব লাগে ৷ দেশখনে এই পৰিস্থিতিৰ পৰা তেতিয়াহে পৰিত্ৰাণ পাবলৈ সক্ষম হ’ব যেতিয়া কেন্দ্ৰই ৰাজ্য সমূহৰ দৃষ্টিভংগীবোৰক আদৰি ল’বলৈ নিজে পোষণ কৰি থকা কট্টৰ মনোভাৱ দূৰ কৰিব পাৰিব ৷

লগতে পঢ়ক-কৰ’ণা ভাইৰাছৰ পূৰ্ৱৱৰ্তী আৰু পৰৱৰ্তী পৰ্যায়ৰ শেহতীয়া প্ৰযুক্তিসমূহ

ABOUT THE AUTHOR

...view details