অসম

assam

ETV Bharat / bharat

দুৰ্গা পূজাৰ পূৰ্বে হ্ৰাস পোৱাৰ সম্ভাৱনা খোৱাতেলৰ মূল্য - খোৱাতেলৰ মূল্য হ্ৰাস

দুৰ্গা পূজাৰ বতৰত দেশবাসীয়ে লাভ কৰিব পাৰে এটা সু-খবৰ ৷ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাইজক কিছু হ’লেও সকাহ প্ৰদান কৰিব চৰকাৰৰ এই সিদ্ধান্তই ৷

cooking oil price to go down before durga puja
দূৰ্গা পূজাৰ পূৰ্বে হ্ৰাস পোৱাৰ সম্ভাৱনা খোৱাতেলৰ মূল্য

By

Published : Sep 12, 2021, 1:14 PM IST

নিউজ ডেস্ক, 12 ছেপ্তেম্বৰ : অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাই আহিছে দেশবাসীক ৷ পেট্ৰ’ল-ডিজেলৰ লগতে খোৱাতেলৰ মূল্যবৃদ্ধি ৰোধৰ বাবে ঠায়ে ঠায়ে অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ ৷ কিন্তু সকলোৰে একেই ক্ষোভ ইমান প্ৰতিবাদৰ পিছতো মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা নাই চৰকাৰে ৷

কিন্তু বহু প্ৰতিক্ষাৰ অন্তত হয়তো সু-খবৰ লাভ কৰিব পাৰে দেশবাসীয়ে ৷ উৎসৱৰ বতৰত হ্ৰাস পোৱাৰ সম্ভাৱনা খোৱাতেলৰ দাম ৷ কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ সকলে খোৱাতেলৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰাৰ ওপৰত আলোচনা কৰিছে ৷ যদি এই আমদানি শুল্ক হ্ৰাস পায় তেন্তে প্ৰতি লিটাৰ খোৱা তেলৰ মূল্য 4-5 টকাকৈ হ্ৰাস পাব ৷

ভাৰত হৈছে ৰন্ধন তেলৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আমদানিকৰ্তা । ৰন্ধন তেলৰ প্ৰয়োজনীয়তা কেৱল আমদানিৰ দুই-তৃতীয়াংশৰ জৰিয়তে পূৰণ কৰা হয় । এনে পৰিস্থিতিত তেলৰ মূল্য হ্ৰাস কৰাৰ বাবে আমদানি শুল্ক হ্ৰাস কৰাটো সৰ্বশ্ৰেষ্ঠ বিকল্প বুলি গণ্য কৰা হৈছে আৰু এই কথা মনত ৰাখিয়ে চৰকাৰে এই সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক :1 অক্টোবৰৰ পৰা আৰম্ভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠদান

ABOUT THE AUTHOR

...view details