নেশ্যনেল ডেস্ক,১ এপ্ৰিল :পুনৰ ৰন্ধন গেছৰ দাম বাঢ়িল (Cooking gas prices rise again)। আজিৰে পৰা ১৯ কিলোগ্ৰামৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ২৫০ টকাকৈ বৃদ্ধি পালে (19 kg commercial LPG cylinder price hike)। এতিয়াৰে পৰা একোটা চিলিণ্ডাৰৰ বিনিময়ত আপুনি দিব লাগিব ২,২৫৩ টকা । অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱা নাই (Domestic LPG cylinder prices have not gone up)।
চৰকাৰে বিশ্বব্যাপী শক্তিৰ হাৰ বৃদ্ধিৰ বাবে ১ এপ্ৰিলৰ পৰা ছয় মাহৰ বাবে ঘৰুৱাভাৱে উৎপাদিত প্ৰাকৃতিক গেছৰ মূল্য দুগুণতকৈও অধিক বৃদ্ধি কৰিছে । পেট্ৰ'লিয়াম মন্ত্ৰালয়ৰ পেট্ৰ'লিয়াম পৰিকল্পনা আৰু বিশ্লেষণ কোষে (PPAC) জাৰী কৰা এক জাননী অনুসৰি ৰাজ্যিক মালিকানাধীন অ'এনজিচি আৰু অইল ইণ্ডিয়া লিমিটেডৰ নিয়ন্ত্ৰিত ক্ষেত্ৰৰ পৰা গেছৰ মূল্য বৰ্তমানৰ ২.৯০ আমেৰিকান ডলাৰৰ পৰা প্ৰতি নিযুত ব্ৰিটিছ থাৰ্মেল ইউনিটত ৬.১০ আমেৰিকান ডলাৰলৈ বৃদ্ধি হ'ব । ইয়াৰ ফলত চিএনজি আৰু পাইপযুক্ত ৰন্ধন গেছৰ হাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।
ইফালে যোৱা ১০ দিনত একেৰাহে বৃদ্ধি হৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্য (Petrol and Diesel price hike in India)। প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলত মুঠ ৬.৪০ টকাকৈ বৃদ্ধি হৈছে । আনহাতে শেহতীয়াকৈ ৰন্ধন গেছৰো প্ৰতি চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি পাইছিল ।