নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ :মহীষমৰ্দিনী, অসুৰনাশিনী দেৱী দুৰ্গা ইতিমধ্যে ধৰালৈ নামিছে । ১ অক্টোবৰত দেৱীৰ বোধনেৰে জাগ্ৰত হ'ব আদ্যশক্তি দুৰ্গা দেৱী । ইতিমধ্যে শাৰদীয় দুৰ্গা পূজাৰ উৎসাহ-উদ্দীপনাৰে উখলমাখল পৰিৱেশ চৌদিশে । শৰত কালৰ এই মনোমোহা পৰিৱেশত দুৰ্গা পূজাৰ ৰঙেৰে ৰঙীয়াল হৈ পৰিছে পূজা মণ্ডপসমূহো (Durga Puja 2022) ।
লগতে চলিছে দুৰ্গা দেৱীৰ বন্দনাৰ ব্যাপক আয়োজন । ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে দেৱী দুৰ্গাক অনাদি কালৰে পৰা পূজা-অৰ্চনা কৰি অহা হৈছে । তাৰ মাজতো অৱশ্যে মাজে-সময়ে কিছু পৰম্পৰাৰ ব্যতিক্ৰম হোৱা পৰিলক্ষিত হয় । প্ৰচলিত প্ৰথাৰ পৰিধি ভেদি নতুনত্বৰ সোৱাদ দিবলৈ চেষ্টা কৰে বিভিন্ন পূজা আয়োজকে । আজিৰ প্ৰতিবেদনত পশ্চিমবংগৰ এগৰাকী ব্যতিক্ৰমী পুৰোহিতৰ বিষয়ে আলোচনা কৰা হৈছে ।
পৰিধানত শাৰী । আৰতিৰ থালত সজোৱা আছে ফুল-প্রদীপ । পৰম ভক্তিভাৱেৰে আৰতি কৰিছে এগৰাকী মহিলাই । তেওঁ হৈছে এগৰাকী পুৰোহিতো । পিছে এইগৰাকী পুৰোহিত জন্মসূত্ৰে মহিলা নহয় ৷ পৰৱর্তী সময়তহে তেওঁ মহিলাৰ ৰূপ লৈছে ৷ এক কথাত ক'বলৈ গ'লে নৱজন্ম হৈছে ৰূপান্তৰকামী বৈশালী দাসৰ ৷ বৰ্তমান তেওঁ ৰূপান্তৰিত মহিলা ৷ লগতে বহুদিন ধৰি তেওঁ পূজাত পৌৰোহিত্য কৰি আহিছে (Transgender Priestess) ।
ছুপ্রিম কোর্টে ৰূপান্তৰকামী তথা ৰূপান্তৰিতসকলক স্বীকৃতি দিলেও সমাজে পিছে এতিয়াও তেওঁলোকক সঁচা অৰ্থত মনে-প্ৰাণে গ্ৰহণ কৰিব পৰা নাই । ৰাস্তাই-ঘাটে, বিভিন্ন সময়ত তেওঁলোক ঠাট্টা-মস্কৰা তথা লাঞ্ছনা-গঞ্জনাৰ চিকাৰ হ'বলগা হয় ৷ কিন্তু সৰুৰে পৰাই বৈশালীৰ পূজা-অর্চনাৰ ফালে ধাউতি আছিল । ইচ্ছা আছিল পূজাত পৌৰোহিত্য কৰাৰ ।