অসম

assam

ETV Bharat / bharat

PM Modi picture : কেদাৰনাথ মন্দিৰৰ বাহিৰত তোলা প্ৰধানমন্ত্ৰী মোডীৰ ফটোক লৈ বিতৰ্ক - কেদাৰনাথ মন্দিৰ দৰ্শন

আকৌ বিতৰ্কত সোমাই পৰিছে দেশৰ প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Controversy over Modi picture) ৷ এইবাৰ কেদাৰনাথ মন্দিৰৰ বাহিৰত তোলা প্ৰধানমন্ত্ৰী মোডীৰ কেইখনমান ফটোক লৈ সৃষ্টি হৈছে বিতৰ্কৰ (Controversy over PM Modi picture) ৷

PM Modi picture
প্ৰধানমন্ত্ৰী মোডীৰ ফটোক লৈ বিতৰ্ক

By

Published : Oct 22, 2022, 6:58 PM IST

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ : শেহতীয়াকৈ কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ উত্তৰাখণ্ডত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi photo in Kedarnath) ৷ তাতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্দিৰৰ লগতে নিজৰ কোবাখনো ফটো উঠে ৷ কেদাৰনাথ মন্দিৰ দৰ্শনৰ সময়ত উঠা ইয়াৰে কেইখনমান ফটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল (PM Modi picture taken outside Kedarnath temple)৷

কেদাৰনাথ মন্দিৰৰ বাহিৰত প্ৰধানমন্ত্ৰী মোডীৰ সেই ফটো সন্দৰ্ভত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (CPI-M) নেতা ইন্দ্ৰেশ মাইখুৰীয়ে (Indresh Maikhuri) তীব্ৰ সমালোচনা কৰিছে (Opposition reacts to Modis photos)। উল্লেখ্য যে, সেই নিৰ্দিষ্ট ফটোত প্ৰধানমন্ত্ৰী মোডীয়ে হিন্দীত এটা ব্যংগত্মাক শিৰোনাম লিখিছিল । সেই পোষ্টটোত বহুতেই বহু মতামত প্ৰদান কৰিছিল ৷

কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ সেই ফটোত বিৰোধীয়ে কঠোৰ সমালোচনা কৰাহে পৰিলক্ষিত হয় । কেৱল ফটোত কেপচন দিয়াই নহয়, প্ৰধানমন্ত্ৰীগৰাকীৰ ফটোৰ কোণ অৰ্থাৎ এংগেল সন্দৰ্ভতো বহু লোকে সমালোচনা কৰা পৰিলক্ষিত হৈছে (Swastik symbol at back objectionable) ৷

লগতে পঢ়ক :Sharad Pawar to participate in Bharat Jodo Yatra: শৰদ পাৱাৰে অংশ ল’ব ভাৰত জোড়ো যাত্ৰাত

একাংশই সমালোচনা কৰে যে, প্ৰধানমন্ত্ৰী মোডীয়ে নিজকে কেদাৰনাথ মন্দিৰতকৈ ডাঙৰ বুলি প্ৰতিপন্ন কৰিছে (Modi appearing larger than Kedarnath shrine) ৷ শিৱৰ আটাইতকৈ পৱিত্ৰ হিন্দু মন্দিৰৰ বাৰটা জ্যোতিলিংগৰ ভিতৰত অন্যতম হৈছে কেদাৰনাথ মন্দিৰ ৷ যিটো প্ৰধানমন্ত্ৰী মোডীৰ আঁৰত লুকাই পৰিছে ৷

অৱশ্যে, প্ৰধানমন্ত্ৰী মোডীৰ ফটো সন্দৰ্ভত বিৰোধীয়ে সমালোচনা কৰাটো কোনো নতুন কথা নহয় (Controversy over Modi picture) ৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে কংগ্ৰেছে হিমাচল প্ৰদেশৰ এক সভাত প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰিছিল ৷ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ গৰিমা দাসৌনিৰ মতে, ‘‘প্ৰধানমন্ত্ৰীৰ পোছাকৰ পিছফালে এটা স্বস্তিক চিহ্ন আছে, যিটো অশুভ আৰু আপত্তিজনক’’ ।

লগতে পঢ়ক :Atluri Rammohan Rao passes away: ৰামোজী ফিল্ম চিটীৰ প্ৰাক্তন পৰিচালন সঞ্চালক আটলুৰী ৰামমোহন ৰাওৰ বিয়োগ

ABOUT THE AUTHOR

...view details