অসম

assam

পশ্চিম ত্ৰিপুৰাৰ বিতৰ্কিত জিলা দণ্ডাধীশক দক্ষিণ ত্ৰিপুৰালৈ বদলি

By

Published : May 6, 2021, 12:18 PM IST

দক্ষিণ ত্ৰিপুৰালৈ বদলি কৰা হ'ল বিতৰ্কৰ মাজত সোমাই পৰা পশ্চিম ত্ৰিপুৰাৰ বিতৰ্কিত জিলা দণ্ডাধীশ শৈলেশ যাদৱক ৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি পশ্চিম ত্ৰিপুৰাৰ প্ৰাক্তন জিলা দণ্ডাধীশ গৰাকীক আগৰতলাৰ পৰা স্থানান্তৰ কৰি বেল'নিয়াৰ জিলা দণ্ডাধীশ হিচাপে নিযুক্তি প্ৰদান ৷

controversial dm given posting at south tripura
পশ্চিম ত্ৰিপুৰাৰ বিতৰ্কিত জিলা দণ্ডাধীশক দক্ষিণ ত্ৰিপুৰালৈ বদলি

আগৰতলা, 6 মে':ত্ৰিপুৰাৰ প্ৰশাসনত ইতিহাস ৰচনা কৰি প্ৰথমবাৰৰ বাবে জিলা দণ্ডাধীশ পদবীৰ এগৰাকী বিষয়াক কেৱল জিলাখনৰ পৰাই নহয় বৰঞ্চ ৰাজধানী চহৰৰ পৰাও বদলি কৰা হৈছে ৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি শেহতীয়াকৈ বহু বিতৰ্কৰ মাজত সোমাই পৰা পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ পদত অধিষ্ঠিত হৈ থকা শৈলেশ কুমাৰ যাদৱক আগৰতলাৰ পৰা বদলি কৰা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি পশ্চিম ত্ৰিপুৰাৰ প্ৰাক্তন জিলা দণ্ডাধীশ গৰাকীক আগৰতলাৰ পৰা স্থানান্তৰ কৰি বেল'নিয়াৰ জিলা দণ্ডাধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে আৰু বেল'নিয়াৰ জিলা দণ্ডাধীশ গৰাকীক গোম'তি জিলাত নিযুক্ত কৰা হৈছে ৷

মুখ্য ন্যায়াধীশ এ এ কুৰেশী আৰু ন্যায়াধীশ এছ জি চট্টোপাধ্যায়ক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বুধবাৰে যাদৱৰ বিৰুদ্ধে দাখিল কৰা পিআইএল আৰু অন্যান্য আবেদনৰ শুনানি গ্ৰহণ কৰে ৷ ইয়াৰ লগতে যাদৱৰ বিৰুদ্ধে উত্থাপিত ক্ষমতাৰ অপব্যৱহাৰ, দৰা-কইনা, পুৰুহিতক শাৰীৰিক আক্ৰমণ আদি অভিযোগৰ তদন্তৰ বাবে গঠন কৰা সমিতিত জিলা ন্যায়াধীশ সুভাষ সিকদাৰক অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক:শৈলেশ যাদৱক আগৰতলাৰ পৰা বদলি কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details