অসম

assam

ETV Bharat / bharat

মিজোৰামত ক'ভিড ট্ৰেচিঙৰ বাবে কনটেক্টলেছ এপ উদ্ভাৱন চাৰি যুৱকৰ - গোস্পেল ৰামদিনমাৱিয়া

চাৰিজনীয়া মিজো যুৱকৰ এটা দলে উদ্ভাৱন কৰি উলিয়ালে এক বিশেষ মোবাইল এপ ৷ এই এপৰ জৰিয়তে ঘৰৰ পৰাই ক'ভিড সম্পৰ্কত বিভিন্ন তথ্য সংগ্ৰহ কৰিব পৰা যাব ৷

Contactless app for Covid tracing in Mizoram by four youths
মিজোৰামত ক'ভিড ট্ৰেচিঙৰ বাবে কনটেক্টলেছ এপ উদ্ভাৱন চাৰি যুৱকৰ

By

Published : Dec 24, 2020, 9:47 PM IST

মিজোৰাম, 24 ডিচেম্বৰ :ক'ভিড মহামাৰীৰ আতংকই সমগ্ৰ বিশ্বক ত্ৰাসিত কৰি ৰখাৰ সময়তে চাৰিজনীয়া মিজো যুৱকৰ এটা দলে উদ্ভাৱন কৰি উলিয়ালে এক বিশেষ মোবাইল এপ ৷ এই এপৰ জৰিয়তে ঘৰৰ পৰাই ক'ভিড সম্পৰ্কত বিভিন্ন তথ্য সংগ্ৰহ কৰিব পৰা যাব ৷

মিজোৰামত ক'ভিড ট্ৰেচিঙৰ বাবে কনটেক্টলেছ এপ উদ্ভাৱন চাৰি যুৱকৰ

এই চাৰিজনীয়া দলটোত আছে- জৰেমপুইয়া চোৱাউহাং (জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ এপ্লিকেশ্যনত স্নাতকোত্তৰ), ফ্ৰান্সিছ লালনুনমাৱিয়া (ছিকিম মনিপাল বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ এপ্লিকেশ্যনত স্নাতকোত্তৰ), গোস্পেল ৰামদিনমাৱিয়া (কইম্বাটোৰ ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা কম্পিউটাৰ ছায়েন্স আৰু ইঞ্জিনীয়াৰিঙৰ স্নাতক) আৰু এলান লালৰিয়াতপুইয়া (BITS পিলানীৰ পৰা স্নাতকোত্তৰ) ৷ চাৰিওজনৰ প্ৰচেষ্টাত 2018 চনৰ 20 ছেপ্তেম্বৰত গঢ় লৈ উঠিছিল লাইলেন কনছাল্টিভ প্ৰাইভেট লিমিটড ৷

মিজোৰামত ক'ভিড ট্ৰেচিঙৰ বাবে কনটেক্টলেছ এপ উদ্ভাৱন চাৰি যুৱকৰ

ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়ছোৱাত লাইলেনে মিজোৰামৰ চৰকাৰৰ বাবে বহুকেইটা মোবাইল এপ সাজু কৰি উলিয়াইছিল ৷ এইসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে - ৰাজহ সঞ্চালকালয়ৰ বাবে অনলাইন নিযুক্তি প্ৰক্ৰিয়া, জন্তু পালকৰ খাদ্য আৰু চিকিৎসা সামগ্ৰী সম্পৰ্কত পশু চিকিৎসকৰ পৰা তথ্য সংগ্ৰহ এপ, জিলা আয়ুক্তক সাক্ষাতৰ বাবে সান্ধ্য আইন পাছ আদি ৷

ইয়াৰোপৰি, ৰাজ্যৰ গড়কাপ্তানী বিভাগৰ বিভিন্ন আইনৰ বাবে PWD Asset tracking System আৰু PWD Contact-less Attendance System আদি প্ৰকল্পতো কাম কৰিছে এই চাৰি যুৱকে ৷ “Hna Inpui” নামৰ এক চাকৰি পৰ্টেলৰ বাবেও তেওঁলোকে এপ প্ৰস্তুত কৰি উলিয়াইছিল ৷ এই এপৰ বৰ্তমানৰ ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে 10,000 ৷

কিন্তু বৰ্তমানলৈকে তেওঁলোকে উদ্ভাৱন কৰি উলিওৱা আটাইতকৈ গুৰুত্বপূৰ্ণ এপটোৱেই হ'ল ক'ভিড-19 ৰ সৈতে জড়িত এপ “Sulhnu” ৷ ইয়াৰ জৰিয়তে নাগৰিকসকলে নিজৰ চলাচল সম্পৰ্কত তথ্য লাভ কৰাৰ লগতে তেওঁলোকৰ সান্নিধ্যলৈ অহা লোক সম্পৰ্কত জানিব পাৰিব ৷ ফলত ক'ভিড আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছে নেকি সেই সম্পৰ্কত তথ্য সংগ্ৰহ কৰিব পাৰিব এপ ব্যৱহাৰকাৰীসকলে ৷ মিজোৰামত এই এপৰ 65,000 ব্যৱহাৰকাৰী আছে ৷

প্লে' ষ্টৰ আৰু এপ ষ্টৰৰ জৰিয়তে এই এপ ডাউনলোড কৰিব পাৰি ৷ আনহাতে, ফোন নম্বৰ দি ইয়াৰ পঞ্জীয়ন কৰিব পাৰি ৷ QR Code প্ৰিন্ট কৰি ঘৰ, দোকান, কাৰ্যালয় আৰু গাড়ীৰ প্ৰৱেশদ্বাৰত ইয়াক লগাই থয় ৷

লগতে পঢ়ক :বৰদিনৰ পূৰ্বে মিজোৰামত পুনৰ 15 লোক ক'ভিডত আক্ৰান্ত

ABOUT THE AUTHOR

...view details