অসম

assam

অতি শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ হ'ব ত্ৰিপুৰাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ : ক্ৰীড়া মন্ত্ৰী

পূৰ্ণগতিত নিৰ্মাণকাৰ্য চলি আছে ত্ৰিপুৰাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ (International Cricket Stadium in Tripura under construction)। কেইমাহ মানৰ ভিতৰতে কাম সম্পূৰ্ণ হ'ব । ক'ভিড পৰিস্থিতিৰ বাবে নিৰ্মাণকাৰ্য লেহেমীয়া হৈছিল ।

By

Published : Mar 22, 2022, 2:14 PM IST

Published : Mar 22, 2022, 2:14 PM IST

International Cricket Stadium
ক্ৰীড়া মন্ত্ৰী

আগৰতলা,২২ মাৰ্চ :ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে শেহতীয়াকৈ ত্ৰিপুৰা চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে । ত্ৰিপুৰাৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী সুশান্ত চৌধুৰীয়ে জনোৱা মতে অতি শীঘ্ৰে নৰসিংগড়ৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব (Construction of cricket stadium in Tripura to be completed)। আগৰতলা চহৰৰ পৰা প্ৰায় ১০ কিঃমিঃ দূৰত থকা এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট ষ্টেডিয়ামখনৰ নিৰ্মাণ অহা ৭-৮ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ।

বিধানসভা অধিৱেশনৰ (Tripura Assembly Session) দ্বিতীয় দিনা চিপিআই(এম)ৰ বিধায়ক ভানু লাল সাহাৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে নৰসিংগড়ৰ ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য ২০১৭ চনৰ ২০ আগষ্টত আৰম্ভ হৈছিল আৰু নিৰ্মাণত ব্যয় ১৮৫ কোটি টকা ধাৰ্য কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) আৰ্থিক সহায়ত ক্ৰিকেট ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম চলি আছে ।

ক'ভিড পৰিস্থিতিৰ বাবে ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱা দেখা গৈছে । অৱশ্যে ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে কাম পুনৰ আৰম্ভ হৈছে বুলি তেওঁ উল্লেখ কৰে । ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে সমাপ্ত কৰিবলৈ চৰকাৰে বিচিচিআইক অনুৰোধ জনাব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :ত্ৰিপুৰা ভ্ৰমণলৈ যাব যোগী আদিত্য নাথ

For All Latest Updates

ABOUT THE AUTHOR

...view details