তেজপুৰ, ২৭ এপ্ৰিল : পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং সংলগ্ন কৰিবৰ বাবে ভাৰত চৰকাৰৰ দুটা বৃহৎ সুৰংগৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত ৷ টাৱাং জিলাৰ চেলা পাছৰ মাজেদি পূৰ্ণ গতিত চলি থকা নিৰ্মাণ কাৰ্য বৰ্তমান ৭০% সমাপ্ত হৈছে ৷ উল্লেখ্য যে, চেলা পাছৰ সুৰংগৰ নিৰ্মাণৰ আঁৰত আছে এগৰাকী মহিলা অভিযন্তা (Lady engineer behind construction of Sela Tunnel) । অতিৰিক্ত কাৰ্যকৰী অভিযন্তা নিকিতা চৌধুৰীৰ দায়িত্বত নিৰ্মাণ হৈ আছে এই সুৰংগৰ কাম ।
পূৰ্ণ গতিত চলিছে ভাৰত-চীন সীমান্তৰ চেলা পাছত সুৰংগ নিৰ্মাণৰ কাম বিভাগীয় সূত্ৰৰ মতে এই বছৰৰ জুন মাহত সম্পূৰ্ণ হৈ উঠিব চেলা পাছৰ সুৰংগ আৰু আগষ্ট মাহৰ পৰা নিয়মিত ভাৱে যান-বাহন চলাচল কৰিব পৰা হ’ব । ইতিমধ্যে ভূমি আয়ুক্ত প্ৰশান্ত লোখেণ্ডই সুৰংগৰ কাম বুজ লৈ অভিযন্তা গৰাকীৰ প্ৰশংসা কৰে । এই সুৰংগ নিৰ্মাণৰ মূল উদ্দেশ্য হৈছে সকলো বতৰতে বমডিলাহৈ টাৱাং জিলা তথা ভাৰত চীন সীমান্তৱৰ্তী অঞ্চললৈ সেনাবাহিনীৰ সুবিধাৰ্থে কম সময়ৰ ভিতৰত গন্তব্য স্থানত উপনীত হোৱা (Sela tunnel to help communication of defense teams) ৷
ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ ভ্ৰমণৰ সময়ত এই প্ৰকল্পটোৰ ২০১৯ চনত শিলান্যাস কৰিছিল ৷ এই প্ৰকল্পটোৰ মুঠ ব্যয় ৬৮৭ কোটি টকা ধাৰ্য কৰিছিল আৰু বৰ্তমান এই দুয়োটা সুৰংগৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত (Construction of Sela Tunnel) ৷
পূৰ্ণ গতিত চলিছে ভাৰত-চীন সীমান্তৰ চেলা পাছত সুৰংগ নিৰ্মাণৰ কাম কৰ’ণা মহামাৰীৰ লক্ ডাউনৰ মাজতো ব’ৰ্ডাৰ ৰোডচৰ অধীনত সামাজিক দূৰত্ব ব্যৱধান ৰাখি শ্ৰমিক সকলে অহৰ্নিশে ইয়াৰ নিৰ্মাণ কাৰ্য চলাই আছিল ৷ সমুদ্ৰ পৃষ্ঠৰ পৰা ১৩,৪০০ কিলোমিটাৰ উচ্চতাত নিৰ্মাণ হোৱা এই সুৰংগ দুটা এছিয়াৰ আটাইতকৈ ওখ স্থানত নিৰ্মাণ হোৱা সুৰংগ । বিশেষকৈ সেনাবাহিনীৰ লোক সকলৰ বাবে এই সুৰংগ দুটাই যোগাযোগ স্থাপন কৰিব ৷ কিয়নো চেলা পাছৰ তীব্ৰ বৰফৰ বাবে বেছি ভাগ সময় সেনাবাহিনীয়ে হেলিকপ্টাৰৰ সহায়তহে ৰেচন সামগ্ৰীৰ ব্যৱস্থা কৰাৰ লগতে অহা যোৱা কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, চেলা পাছৰ আছে এক সুকীয়া বৈশিষ্ট ৷ ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধত ভাৰতীয় সৈন্যই এই অঞ্চলৰ বৰফাবৃত্ত পাহাৰৰ পৰা যুদ্ধৰ বাবে সহায় পাইছিল ৷ তাৰ পাছত ভাৰতীয় সৈন্যই সম্পূৰ্ণ সীমান্ত অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল ৷ চেলা পাছৰ এই সুৰংগৰ কাষেৰে ভাৰত ভূটান সংলগ্ন পথ, আনহাতে টাৱাঙৰ পৰা পশ্চিম দিশলৈ ভাৰত-তীব্বত সীমান্ত লুমলা ৰাজহ চক্ৰৰ অন্তৰ্গত ৷ ব’ৰ্ডাৰ ৰোডচ সংস্থাৰ চমুকৈ বি আৰ অ'ৰ প্ৰজেক্ট ভৰ্টকৰ অধীনত ইতিমধ্যে চাৰিদুৱাৰ ভালুকপং টাৱাং সংলগ্ন পথটো ডাবল লেন যুক্তৰ ৰাষ্টীয় ঘাইপথৰ কামো সম্পূৰ্ণ হোৱাৰ দিশে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :পথ নে নৈ নাচালে ধৰিব নোৱাৰি, কৰিমগঞ্জত ব্যাহত যাতায়াত