অসম

assam

ETV Bharat / bharat

Eklayva school in Tripura: ত্ৰিপুৰাত নিৰ্মাণকাৰ্য চলি আছে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ: মন্ত্ৰী ৰামপাদা জামাতিয়া - Tribal Welfare Minister on education system of Tripura

শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ বাবে ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনত আৰম্ভ কৰিছে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ নিৰ্মাণৰ কাম (Eklavya Adarsh Residential School in Tripura)। অনুমোদিত ১৮ খন বিদ্যালয়ৰ ভিতৰত ১০ খনৰ নিৰ্মাণকাৰ্য চলি আছে । জনজাতি সমাজৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ ত্ৰিপুৰা চৰকাৰ ।

Tripura
ত্ৰিপুৰাত নিৰ্মাণকাৰ্য চলি আছে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ

By

Published : Jul 26, 2022, 2:12 PM IST

আগৰতলা, ২৬ জুলাই :শিক্ষাৰ উন্নয়ন ক্ষেত্ৰত শেহতীয়াকৈ ত্ৰিপুৰা চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশস্বৰূপে ত্ৰিপুৰাত চলি আছে একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ নিৰ্মাণৰ কাম (Eklavya Adarsh Residential School in Tripura)। জনজাতি কল্যাণ মন্ত্ৰী ৰামপাদা জামাতিয়াই এই কথা ঘোষণা কৰে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে অনুমোদিত ১৮ খন বিদ্যালয়ৰ ভিতৰত ১০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় নিৰ্মাণৰ কাম চলি আছে (Construction of Eklavya Adarsh Residential School in Tripura)।

তেওঁৰ মতে শিক্ষা অবিহনে কোনো ৰাষ্ট্ৰৰে বিকাশ সম্ভৱ নহয় । এই বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ উল্লেখ কৰে । সোমবাৰে এক উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি জামাতিয়াই ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপ সম্পৰ্কে উল্লেখ কৰে (Tribal Welfare Minister on education system of Tripura)।

তেওঁ কয় যে ৰাজ্য চৰকাৰে কেৱল শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁথনিৰ উন্নয়নেই নহয়, শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে । মন্ত্ৰী ৰামপাদাই সমাজৰ সকলো শ্ৰেণীৰ লোকক ৰাজ্য চৰকাৰৰ এই কামত সহযোগিতাৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ।

তেওঁ ভাষণ প্ৰসংগত কয় যে যদি বৰ্তমানৰ প্ৰজন্মই উন্নত মানদণ্ডৰ শিক্ষা লাভ কৰে, তেন্তে সমাজৰ সকলো শ্ৰেণীৰ মানুহে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰিব । ৰাজ্যখনৰ জনজাতি সমাজৰ উন্নয়নৰ প্ৰতি দায়বদ্ধ চৰকাৰ । তাৰ প্ৰমাণস্বৰূপে কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্তমানৰ চৰকাৰৰ ৰাজ্যখনত ১৮ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপনত অনুমোদন জনাইছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :Tripura BJP political crisis: ত্ৰিপুৰাত বিজেপিৰ বিধায়কে যোগ দিব কংগ্ৰেছত

For All Latest Updates

ABOUT THE AUTHOR

...view details