নিউজ ডেস্ক, 24 আগষ্ট : পাহাৰৰ ৰং কি বুলি সুধিলে আপুনি হয়তো ভাবিব এইটো কেনে প্ৰশ্ন ৷ অথবা যদি আপোনাক প্ৰশ্ন কৰা হয় হালধীয়া, কমলা, ৰঙা অথবা বেঙুনীয়া ৰঙৰ পাহাৰ দেখিছেনে বুলি আপুনি হয়তো আচহুৱা অনুভৱ কৰিব । কিন্তু অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য ৷ উলুৰুক আৰ্য়াছ ৰক(আৰ্য়াছ শিলাখণ্ড) নামৰ এটা পাহাৰ আছে, যিটো পাহাৰৰ ৰং সঘনাই সলনি হয় ৷
অষ্ট্ৰেলিয়াত অৱস্থিত উলুৰুক আৰ্য়াছ ৰক(আৰ্য়াছ শিলাখণ্ড) বৈচিত্ৰপূৰ্ণ বৈশিষ্ট্যৰ বাবে ইয়াৰ উপনাম হৈছে "মেজিক মাউণ্টেইনচ" ৷ উলুৰুক আৰ্য়াছ ৰক(আৰ্য়াছ শিলাখণ্ড)কণীৰ আকৃতিৰ প্ৰায় 348 মিটাৰ ওখ এটা শিলাখণ্ডৰ পৰ্বত । ইয়াৰ দৈৰ্ঘ্য 7 কিল’মিটাৰ আৰু প্ৰস্থ 2.4 কিল’মিটাৰ । পুৱাৰ পৰা বিয়লিলৈকে এই পাহাৰৰ ৰং সঘনে সলনি হয় ৷
এই পৰ্বতমালাৰ "মেজাজ" অনুসৰি ৰং সলনি হয় ৷ নীলাৰ পৰা বেঙুনীয়ালৈ, বেঙুনীয়াৰ পৰা ৰঙালৈ যেতিয়া-তেতিয়াই এই পৰ্বতমালাৰ ৰং সলনি হয় ৷ সেয়ে সাধাৰণ পৰ্যটকৰ পৰা আৰম্ভ কৰি বিজ্ঞানী, গৱেষকসকল এই শিলৰ পৰ্বতমালাত প্ৰতি আকৰ্ষিত হৈ আহিছে ।