নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ছত্তীশগড়ত ভাৰতীয় জনতা পাৰ্টীৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ নিজৰ ভাষণত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে কংগ্ৰেছ শাসিত ছত্তীশগড়ত "সনাতন সংস্কৃতি"ৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । ৰাজ্যিক নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ `পৰিৱৰ্তন যাত্ৰা' অভিযানৰ অংশ হিচাপে ছত্তীশগড়ৰ ভাটগাঁও বিধানসভা সমষ্টিত এক সভাত এই মন্তব্য কৰে ।
ছত্তীশগড়ত সনাতন সংস্কৃতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । ভূপেশ বাঘেল মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা ৰাজ্যখনত ৰোহিংগীয়া (ম্যানমাৰৰ পৰা শৰণাৰ্থী)ৰ আগমন এটা ডাঙৰ বিষয় হৈ পৰিছে । লগতে বিৰোধীৰ INDIA মিত্ৰজোঁটে দেশত "হিন্দু বিৰোধী" পৰিৱেশ সৃষ্টিৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে ড৹ শৰ্মাই ।
কংগ্ৰেছে (শাসনত থকাৰ সময়ত) বাংলাদেশীক অবৈধভাৱে অসমত প্ৰৱেশৰ অনুমতি দিছিল বুলি উল্লেখ কৰি তেওঁ অভিযোগ কৰে যে "অসমত লাখ লাখ বাংলাদেশীয়ে বসবাস কৰি আছে ।" শৰ্মাই লগতে কয়, "ছত্তীশগড়ত ৰোহিংগীয়াৰ প্ৰৱেশ আৰম্ভ কৰিছে ৷ ভূপেশ বাঘেলে কয় তেওঁ গো-মাতা (গৰু) পূজা কৰে কিন্তু আমি এইটো নিবিচাৰো । আমি বিচাৰো যে আপুনি হিন্দু আৰু হিন্দু ধৰ্মৰ প্ৰতি নিষ্ঠাবান বুলি কওক ।"