নেশ্যনেল ডেস্ক, 30 আগষ্ট: কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীক যোৱা 10 আগষ্টত অধ্যক্ষ ওম বিৰলাই নিলম্বন কৰিছিল সদনৰ মজিয়াৰ পৰা । সদনৰ কাম-কাজত ব্যাঘাত জনোৱাৰ অভিযোগতকংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীক নিম্ন সদনৰ পৰা নিলম্বন কৰা হৈছিল ৷ এই সন্দৰ্ভত বুধবাৰ অৰ্থাৎ 30 আগষ্টৰ দিনা সংসদৰ বিশেষাধিকাৰ সমিতিৰ সন্মুখত হাজিৰ হ’ব সাংসদগৰাকী । বুধবাৰে দিনৰ 12.30 বজাত সংসদীয় পেনেলৰ সন্মুখত নিজৰ বক্তব্য লিপিৱদ্ধ কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে ।
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অভব্য আচৰণৰ দোহাই দি চৌধুৰীক নিলম্বনৰ বাবে প্ৰস্তাৱ দাখিল কৰিছিল । চলিত মাহৰ আৰম্ভণিতে বৰ্ষাকালীন অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকলে সদনত ভাষণ দি থকাৰ সময়ত কংগ্ৰেছ সাংসদগৰাকীয়ে অভব্য আচৰণ ত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ।
চৌধুৰীক নিম্ন সদনৰ পৰা নিলম্বন কৰাৰ প্ৰস্তাৱ মৌখিকভাৱে গৃহীত কৰা হয় । সংসদীয় পেনেলে কংগ্ৰেছ নেতাগৰাকীৰ নিলম্বনৰ সৈতে জড়িত বক্তব্য পৰীক্ষা কৰি কমিটীৰ অধ্যক্ষৰ জৰিয়তে সদনত প্ৰতিবেদন দাখিল কৰিব । ঝাৰখণ্ডৰ বিজেপি সাংসদ সুনীল সিং বিশেষাধিকাৰ সমিতিৰ অধ্যক্ষ ।