আগৰতলা, ১৬ ছেপ্টেম্বৰ :ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে শুকুৰবাৰে ত্ৰিপুৰাৰ আৰক্ষী দায়বদ্ধতা আয়োগলৈ এখন পত্ৰ লিখি ৰাজ্যখনত অৱনতি ঘটা আইন-শৃংখলা পৰিস্থিতি পুনৰুদ্ধাৰ কৰিবলৈ দাবী জনায় (Tripura Pradesh Congress letter to PAC)।
শুকুৰবাৰে পিচিচি সভাপতি বিৰজিৎ সিনহাই লিখা পত্ৰখনত তেওঁ অভিযোগ কৰিছে যে ১৩ ছেপ্টেম্বৰত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি ৰাখু দাসৰ সৈতে ত্ৰিপুৰাৰ যুৱ কংগ্ৰেছৰ কেইজনমান কৰ্মীয়ে "ইয়ং ইণ্ডিয়া কে বোল"ৰ (Young India Ke Bol) অংশ হিচাপে এক শোভাযাত্ৰাৰ আয়োজন কৰে আৰু ত্ৰিপুৰাত যুৱপ্ৰজন্মৰ বিভিন্ন সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে (Police Accountability Commission Tripura) ।
"কিন্তু দুৰ্ভাগ্যবশতঃ শাসকীয় দলৰ নেতৃত্বত গুণ্ডাসকলে চেপাহিজালা জিলাৰ বিশ্ৰামগঞ্জত আৰক্ষীৰ সন্মুখতে শোভাযাত্ৰাত আক্ৰমণ কৰে (congress leader attacked by BJP workers) । যাৰ ফলত কিছুসংখ্যক কৰ্মী আৰু নেতা গুৰুতৰভাৱে আহত হয় । এই সকলোবোৰ লজ্জাজনক ঘটনা হঠাতে সংঘটিত হৈছিল আৰু তাত আৰক্ষী আৰু প্ৰশাসন নীৰৱ দৰ্শক হিচাপে আছিল (law and order situation in Tripura) ।