অসম

assam

By

Published : May 13, 2023, 8:04 PM IST

ETV Bharat / bharat

Karnataka Election Results 2023 : ২৩ বছৰ পিচত চিকমাগালুৰ পুনৰুদ্ধাৰ; ইন্দিৰা গান্ধীৰ কৃতিত্বৰ পুনৰাবৃত্তি

কংগ্ৰেছে চিকমাগালুৰ সমষ্টিটো পুনৰ দখল কৰিছে । কংগ্ৰেছ নেতা এইচ ডি থাম্মাইয়াই বিজেপিৰ চাৰিবাৰৰ কৰ্ণাটকৰ বিজেপি বিধায়ক তথা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চিটি ৰবিক ৫,৯২৬ টা ভোটত পৰাস্ত কৰে (Congress reclaims Chikmagalur after 23 years) । এই বিজয়ে ইতিহাসৰ পুনৰাবৃত্তি কৰিছে । কিয়নো ৪৫ বছৰ পূৰ্বে ইন্দিৰা গান্ধীয়ে জনতা পাৰ্টীৰ পৰা এই আসনখন দখল কৰিছিল । তাৰ পিচত কেৱল কৰ্ণাটকতে নহয়, ৰাষ্ট্ৰীয় ৰাজনীতিতো হেৰুওৱা খোপনি পুনৰ দৃঢ় কৰিছিল ।

Karnataka Election Results 2023
Karnataka Election Results 2023

নিউজ ডেস্ক, ১৩ মে' : কৰ্ণাটকত পুনৰবাৰ জয়ৰ ধাৰালৈ উভতি আহিছে কংগ্ৰেছ । বিজেপিক এক প্ৰকাৰ ধৰাশায়ী কৰি কৰ্ণাটকৰ মচনদ দখল কৰিছে কংগ্ৰেছে । এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছৰ বিজয় কিমান জোৰদাৰ আছিল তাৰ এক উদাহৰণ স্বৰূপে দাঙি ধৰিব পাৰি দলটোৱে চিকমাগালুৰ সমষ্টি পুনৰুদ্ধাৰ কৰাটো (congress reclaim Chikmagalur constituency Karnataka) । 2004 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ নিয়ন্ত্ৰণত আছিল এই সমষ্টিটো । কংগ্ৰেছ নেতা এইচ ডি থাম্মাইয়াই বিজেপিৰ চাৰিবাৰৰ কৰ্ণাটকৰ বিজেপি বিধায়ক আৰু দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চি টি ৰবিক ৫,৯২৬ টা ভোটত পৰাস্ত কৰি সমষ্টিটো পুনৰুদ্ধাৰ কৰে (Congress leader H D Thammaiah wins) । তেওঁ ৮৫,০৫৪ টা ভোট লাভ কৰে ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই বিজয়ে ইতিহাসক পুনৰাবৃত্তি কৰিছে (Karnataka election result 2023) । ৪৫ বছৰ পূৰ্বে ইন্দিৰা গান্ধীয়ে জনতা পাৰ্টীৰ পৰা এই আসনখন দখল কৰিছিল । তাৰ পিচত কেৱল কৰ্ণাটকতে নহয়, ৰাষ্ট্ৰীয় ৰাজনীতিতো কংগ্ৰেছে হেৰুওৱা খোপনি পুনৰ সুদৃঢ় কৰিছিল (Indira Gandhi reclaiming Chikmagalur in 1978) । চিকমাগালুৰৰ পৰা ইন্দিৰা গান্ধীৰ জয় ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল । ১৯৭৮ চনত অনুষ্ঠিত উক্ত নিৰ্বাচন ইন্দিৰা গান্ধীৰ বাবে এক গুৰুত্বপূৰ্ণ নিৰ্বাচন আছিল । কিয়নো জৰুৰীকালীন অৱস্থাৰ পিচত তেওঁ ক্ষমতালৈ উভতি আহিছিল মাত্ৰ । চিকমাগালুৰ সমষ্টিটো জনতা পাৰ্টীৰ এক দুৰ্গ হিচাবে গণ্য হৈছিল । 1977 চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছক পৰাস্ত কৰি ক্ষমতালৈ আহিছিল (congress wins in Karnataka) ।

ইন্দিৰা গান্ধীয়ে চিকমাগালুৰৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাছি লৈছিল । অৱশ্যে সমষ্টিটোক কেতিয়াও কংগ্ৰেছৰ বাবে সুৰক্ষিত আসন হিচাবে গণ্য কৰা হোৱা নাছিল । আসনখনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে তেওঁৰ সিদ্ধান্তক ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ ক্ষমতা ঘূৰাই পোৱাৰ সংকল্পৰ প্ৰতিফলন হিচাপে দেখা গৈছিল । আনহাতে, জনতা পাৰ্টীয়ে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰেন্দ্ৰ পাটিলৰ ৰূপত শক্তিশালী প্ৰাৰ্থী প্ৰদান কৰে ।

চিকমাগালুৰত তীব্ৰ প্ৰচাৰ চলিছিল । দুয়োটা দলে নিৰ্বাচনত জয়ী হ'বলৈ কোনো ধৰণৰ চেষ্টাৰ ত্ৰুটি ৰখা নাছিল । কিন্তু অৱশেষত ইন্দিৰায়ে গান্ধী চিকমাগালুৰ আসনত 1 লাখতকৈও অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে । ১৯৭৭ চনৰ পৰাজয়ৰ পিচত কৰ্ণাটকত পুনৰ ভৰি দিবলৈ সংগ্ৰাম কৰি থকা কংগ্ৰেছৰ বাবে তেওঁৰ জয় কেৱল এক গুৰুত্বপূৰ্ণ উৎসাহেই নাছিল, কিন্তু ই ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষমতালৈ ঘূৰি অহাৰ পথো প্ৰশস্ত কৰিছিল । কিয়নো জৰুৰীকালীন অৱস্থাক লৈ হোৱা বিতৰ্ক সত্ত্বেও তেওঁ ১৯৮০ চনৰ সাধাৰণ নিৰ্বাচনত সফলতা অৰ্জন কৰিছিল ।

২০২৩ চনৰ নিৰ্বাচনত চিকমাগালুৰৰ পৰা কংগ্ৰেছ দলৰ জয়ক ১৯৭৮ চনত একেটা সমষ্টিৰ পৰা ইন্দিৰা গান্ধীৰ বিজয়ৰ সৈতে তুলনা কৰা হৈছে । দুয়োটা জয়ৰ একেটা ইংগিত আছে- কংগ্ৰেছ দলে পূৰ্বৰ নিৰ্বাচনত বিৰোধীৰ হাতত আসন হেৰুৱাইছিল আৰু উপ-নিৰ্বাচনক হেৰুওৱা মাটি পুনৰ উদ্ধাৰ কৰাৰ সুযোগ হিচাপে দেখা গৈছিল ।

চিকমাগালুৰ সমষ্টিটো কৰ্ণাটকৰ মনোৰম মালনাদ অঞ্চলত অৱস্থিত । ই কেৱল কফি খেতি আৰু মনোৰম সৌন্দৰ্যৰ বাবেই জনাজাত নহয়, ইয়াৰ ৰাজনৈতিক গুৰুত্বৰ বাবেও প্ৰখ্যাত । কিয়নো ই কৰ্ণাটকৰ ৰাজনৈতিক ইতিহাসৰ কেইবাগৰাকীও প্ৰভাৱশালী নেতাৰ জন্ম দিছে ।

চিকমাগালুৰত কংগ্ৰেছ আৰু বিজেপিৰ মাজত নিৰ্বাচনী প্ৰচাৰ এক নিকট যুঁজ আছিল । ২০০৮ চনৰ পৰা কৰ্ণাটকত শাসনত থকা বিজেপিয়ে আক্ৰমণাত্মক প্ৰচাৰ শৈলীৰ বাবে জনাজাত চি টি ৰবিক প্ৰাৰ্থিত্ব প্ৰদান কৰে । আনহাতে, কংগ্ৰেছে এইচ ডি থাম্মাইয়াক বাছনি কৰিছিল, যিগৰাকী হৈছে কৰ্ণাটকৰ ৰাজনৈতিক দৃশ্যপটত তুলনামূলকভাৱে অজ্ঞাত মুখ । যদিও সকলোৱে ৰবিৰ বাবে এয়া একেবাৰে সহজ বুলি ভাবিছিল, থাম্মাইয়াই কিন্তু সম্পূৰ্ণ দৃশ্যপট সলনি কৰি দিয়ে ।

চিকমাগালুৰৰ পৰা কংগ্ৰেছ দলৰ জয়ক কৰ্ণাটকৰ পৰিৱৰ্তনশীল ৰাজনৈতিক বতাহৰ লক্ষণ হিচাবেও দেখা গৈছে । এসময়ত ৰাজ্যখনত অজেয় বুলি গণ্য কৰা বিজেপিয়ে এতিয়া পুনৰুজ্জীৱিত কংগ্ৰেছ দল আৰু বৰ্ধিত আঞ্চলিক দল জনতা দলৰ (চেকুলাৰ) সন্মুখীন হৈছে ।

চিকমাগালুৰৰ পৰা ইন্দিৰা গান্ধীৰ জয় ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত আছিল । ১৯ বছৰৰ ব্যৱধানৰ পিচত সমষ্টিটোৰ পৰা তেওঁৰ দলৰ জয় কেৱল কৰ্ণাটকতে নহয়, ৰাষ্ট্ৰীয় ৰাজনীতিতো এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিব পাৰে ।

লগতে পঢ়ক :Karnataka Election Result 2023 : ছোনিয়া গান্ধীক আশ্বাস দিছিলোঁ- আৱেগত ভাগি পৰিল ডি কে শিৱকুমাৰ

ABOUT THE AUTHOR

...view details