অসম

assam

ETV Bharat / bharat

ক্ষমতালৈ আহিলে কংগ্ৰেছে বাতিল কৰিব কৃষি আইন: প্ৰিয়ংকা গান্ধী - ত্তৰ প্ৰদেশৰ ছাহাৰণপুৰত অনুষ্ঠিত কিষাণ পঞ্চায়ত

বুধবাৰে উত্তৰ প্ৰদেশৰ ছাহাৰণপুৰত অনুষ্ঠিত কিষাণ পঞ্চায়তত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই উপস্থিত হৈ কংগ্ৰেছ পুনৰবাৰ ক্ষমতালৈ আহিলে তিনিওখন কৃষি আইন বাতিল কৰিব বুলি কয় ।

প্ৰিয়ংকা গান্ধী ৱাদ্ৰা
প্ৰিয়ংকা গান্ধী ৱাদ্ৰা

By

Published : Feb 10, 2021, 8:09 PM IST

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী: দেশত বৰ্তমানো অব্যাহত আছে কৃষক বিদ্ৰোহ । এই কৃষক বিদ্ৰোহৰ সমৰ্থন জনাই আহিছে কংগ্ৰেছে । বুধবাৰে উত্তৰ প্ৰদেশৰ ছাহাৰণপুৰত অনুষ্ঠিত কিষাণ পঞ্চায়তত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা উপস্থিত হৈ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

লগতে যদিহে কংগ্ৰেছ পুনৰবাৰ ক্ষমতালৈ আহে তেন্তে মোদী চৰকাৰে বলৱৎ কৰা তিনিওখন নতুন কৃষি আইন বাতিল কৰিব বুলি কয় ৷ আনহাতে, এই আইন কেন্দ্ৰই বাতিল নকৰা পৰ্যন্তলৈ প্ৰতিবাদ অব্যাহত থাকিব বুলিও কয় প্ৰিয়ংকাই ।

ইফালে কংগ্ৰেছ নেত্ৰীগৰাকীৰ আগমণৰ দিনাই ছাহাৰণপুৰত ১৪৪ ধাৰা জাৰি কৰে জিলা প্ৰশাসনে । ছাহাৰণপুৰৰ জিলা দণ্ডাধীশে বিভিন্ন কাৰণ দৰ্শাই ১৪৪ ধাৰা জাৰি কৰে ।

ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে । অহা ৫ এপ্ৰিললৈকে সান্ধ্য আইন জাৰি কৰা হৈছে ।

লগতে পঢ়ক:প্ৰিয়ংকা গান্ধীৰ ছাহাৰণপুৰ ভ্ৰমণঃ জিলাখনত ১৪৪ ধাৰা জাৰি

ABOUT THE AUTHOR

...view details