অসম

assam

ETV Bharat / bharat

Mallikarjun Kharge on Upcoming Election : ৫ খন ৰাজ্যতে চৰকাৰ গঠন কৰিব কংগ্ৰেছে; মল্লিকাৰ্জুন খাৰ্গে - Mizoram Assembly Elections 2023

"পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে ভালদৰে প্ৰস্তুতি চলাই আছে । আমি নিশ্চিত যে সকলোকেইখন ৰাজ্যতে জয়লাভ কৰিম । মুখ্যত মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ আছে ।" খাৰ্গেয়ে এএনআইৰ আগত কয়।

৫ খন ৰাজ্যতে চৰকাৰ গঠন কৰিব কংগ্ৰেছে; মল্লিকাৰ্জুন খাৰ্গে
Mallikarjun Kharge on Upcoming Election

By ANI

Published : Oct 25, 2023, 12:01 PM IST

নিউজ ডেস্ক, ২৫ অক্টোবৰ :কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বুধবাৰে কয় যে দেশৰ সবাতোকৈ পুৰণি দলটোৱে পাঁচোখন ৰাজ্যতে চৰকাৰ গঠন কৰিব । তেওঁ কয় যে অহা মাহত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বিজেপিশাসিত মধ্যপ্ৰদেশত প্ৰতিষ্ঠানবিৰোধী ঢৌ আছে । কালাবুৰ্গীত এএনআইৰ সৈতে বাৰ্তালাপত খাৰ্গেয়ে কয় যে ছত্তীশগড় আৰু ৰাজস্থানৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ দুখনে তেওঁলোকৰ কাম সঠিকভাৱে কৰি আছে আৰু তাৰ জনসাধাৰণ কোনো সমস্যাৰ সন্মুখীন হোৱা নাই ।

উল্লেখ্য যে নৱেম্বৰ মাহত তেলেংগানা, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু মিজোৰামত এটা বা দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । ৭ নৱেম্বৰত মিজোৰাম আৰু ছত্তীশগড়, ৭ আৰু ১৭ নৱেম্বৰত মধ্যপ্ৰদেশ, ২৫ নৱেম্বৰত ৰাজস্থান আৰু ৩০ নৱেম্বৰত তেলেংগানাত নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে, আটাইকেইখন ৰাজ্যতে ভোটগণনা ৩ ডিচেম্বৰত অনুষ্ঠিত হ'ব ।

"পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে ভালদৰে প্ৰস্তুতি চলাই আছে । আমি নিশ্চিত যে সকলোকেইখন ৰাজ্যতে জয়লাভ কৰিম । মুখ্যত মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ আছে ।" খাৰ্গেয়ে এএনআইৰ আগত কয়। তেওঁ কয় যে মধ্যপ্ৰদেশৰ জনসাধাৰণে শিৱৰাজ সিং চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে । আনহাতে, কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে কেন্দ্ৰ শাসনাধিষ্ঠিত বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে দলটোৱে কোনো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা নাই ।

"যি প্ৰতিশ্ৰুতি দিয়া হৈছিল, বিজেপিয়ে তাৰে এটাও পূৰণ কৰা নাই । সেয়া নিবনুৱা সমস্যা সমাধান হওক, কৃষকৰ উপাৰ্জন দুগুণ কৰা হওক বা বিনিয়োগেই হওক ।" তেওঁ কয় । নিজৰ গৃহ জিলা কৰ্ণাটকৰ কালাবুৰ্গী ভ্ৰমণৰ সময়ত খাৰ্গেয়ে অভিযোগ উত্থাপন কৰে যে কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটকক অৱহেলা কৰি আছে ।

"কোনো কেন্দ্ৰীয় প্ৰকল্প (কৰ্ণাটকক) দিয়া হোৱা নাই ।" তেওঁ লগতে কয় । উল্লেখ্য যে ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কংগ্ৰেছ আৰু বিজেপি হৈছে মুখ্য প্ৰতিদ্বন্দ্বী । তেলেংগানাত শাসনাধিষ্ঠিত ভাৰত ৰাষ্ট্ৰ সমিতি, কংগ্ৰেছ আৰু বিজেপিৰ মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আশা কৰা হৈছে । মধ্যপ্ৰদেশ বিধানসভাত ২৩০ খন আসন আছে । ২০১৮ চনৰ নিৰ্বাচনত কংগ্ৰেছে ৪১.৫ শতাংশ ভোটৰ সৈতে ১১৪ খন আসন লাভ কৰিছিল আৰু বিজেপিয়ে ৪১.৬ শতাংশ ভোটৰ সৈতে ১০৯ খন আসন লাভ কৰিছিল ।

কিন্তু জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰতি অনুগত বুলি গণ্য কৰা কিছু বিধায়কে পদত্যাগ কৰাৰ পিছত কংগ্ৰেছ চৰকাৰে ২০২০ চনত সংখ্যাগৰিষ্ঠতা হেৰুৱায় । তেওঁলোকে পিছত বিজেপিত যোগদান কৰে । শিৱৰাজ সিং চৌহানক মুখ্যমন্ত্ৰী হিচাপে লৈ ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহে । আনহাতে, ৰাজস্থানত ২০০ খন আসনৰ ভিতৰত কংগ্ৰেছে ২০১৮ চনত প্ৰায় সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু ৯৯ খন আসন দখল কৰিছিল । ৰাজ্যখনত বিএছপি আৰু নিৰ্দলীয় বিধায়কৰ সহায়ত কংগ্ৰেছ ক্ষমতালৈ আহে । দলটোৰ ভোটৰ অংশ আছিল ৩৯.৮ শতাংশ আৰু বিগত পাঁচ বছৰ ধৰি অশোক গেহলটে মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখন শাসন কৰি আহিছে ।

ইয়াৰ বিপৰীতে ৰাজস্থানত ২০১৮ চনৰ নিৰ্বাচনত বিজেপিয়ে ৩৯.৩ শতাংশ ভোটৰ সৈতে ৭৩ খন আসনত জয়লাভ কৰিছিল । ২০১৮ চনৰ নিৰ্বাচনত তেলেংগানাত ক্ষমতাসীন বিআৰএছে ১১৯ খন আসনৰ ভিতৰত ৮৮ খন আসন আৰু ৪৭.৪ শতাংশ ভোট লাভ কৰিছিল । কংগ্ৰেছে ১৯ খন আসন আৰু ২৮.৭ শতাংশ ভোটেৰে দ্বিতীয় স্থানত আছিল । ২০১৮ চনৰ নিৰ্বাচনত কংগ্ৰেছে ছত্তীশগড়ত ক্ষমতালৈ আহিছিল । ৰাজ্যিক বিধানসভাৰ ৯০ খন আসনৰ ভিতৰত ৬৮ খন আসন লাভ কৰিছিল কংগ্ৰেছে । দলটোৰ ভোটৰ অংশ আছিল ৪৩.৯ শতাংশ ।

আনহাতে, বিজেপিয়ে ১৫ খন আসনত জয়লাভ কৰিছিল আৰু ভোটৰ অংশ আছিল ৩৩.৬ শতাংশ । ৪০ জনীয়া মিজোৰাম বিধানসভাত মিজো নেচনেল ফ্ৰণ্টে ৩৭.৮ শতাংশ ভোটেৰে ২৬ খন আসন লাভ কৰি ২০১৮ চনৰ নিৰ্বাচনত বিজয়ী হয় । কংগ্ৰেছে পাঁচখন আসন লাভ কৰিছিল আৰু বিজেপিয়ে এখন আসনত জিকিছিল । ৰাজনৈতিক দলসমূহে পাঁচোখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছে আৰু নেতাসকলে বিভিন্ন ঠাইত জনসভা সম্বোধন কৰি জনসাধাৰণক নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰি আছে ।

লগতে পঢ়ক :Devaragattu Bunny Festival 2023: পৰম্পৰাগত লাঠি খেলে প্ৰাণ কাঢ়িলে 3 জনৰ, আহত শতাধিক

ABOUT THE AUTHOR

...view details