অসম

assam

ETV Bharat / bharat

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ল'গ' আৰু শ্ল'গান উন্মোচন

Bharat Jodo Nyay Yatra: ১৪ জানুৱাৰীৰ পৰা কংগ্ৰেছ দলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হ'ব (Bharat Jodo Nyay Yatra)। তাৰ পূৰ্বে দলটোৱে ল'গ' আৰু শ্ল'গান উন্মোচন কৰে । উন্মোচনী অনুষ্ঠানত মল্লিকাৰ্জুন খাৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে ।

By ANI

Published : Jan 6, 2024, 3:03 PM IST

Bharat Jodo Nyay Yatra
ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ল'গ' আৰু শ্ল'গান উন্মোচন

নেশ্যনেল ডেস্ক,৬ জানুৱাৰী :'ভাৰত জোড়ো যাত্ৰা'ৰ সফলতাৰ পাছত কংগ্ৰেছ দলে আৰম্ভ কৰিব 'ভাৰত জোড়ো ন্যায় যাত্ৰা' । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত দলটোৱে আৰম্ভ কৰিব এই যাত্ৰা । তাৰ প্ৰাকক্ষণত দলটোৱে শনিবাৰে 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ ল'গ' আৰু শ্ল'গান উন্মোচন কৰে । দিল্লীস্থিত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক কাৰ্যসূচীত এই ল'গ' আৰু শ্ল'গান উন্মোচন কৰা হয় । অনুষ্ঠানত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু সাধাৰণ সম্পাদক কে চি বেণুগোপাল উপস্থিত থাকে ৷

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ শ্ল'গান হৈছে "ন্যায় কা হক মিলনে তক"। অনুষ্ঠানত দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে ৰাহুল গান্ধীৰ নেতৃত্বত দলে ১৪ জানুৱাৰীৰ পৰা 'ভাৰত জোড়ো ন্যায় যাত্ৰা' আৰম্ভ কৰিব । তেওঁৰ মতে ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছে দেশৰ জনসাধাৰণক অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ দিশত দলটোৰ শক্তিশালী পদক্ষেপ ।

অনুষ্ঠানত খাৰ্গেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে জাতিগত হিংসাৰ সন্মুখীন হোৱা মণিপুৰলৈ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰা নাই । সেই কথা ৰাইজক জনাবলৈ দলটোৱে মানুহৰ মাজলৈ যাব । কিয়নো ইয়াৰ বাহিৰে আন কোনো উপায় নাই । খাৰ্গেৰ মতে কংগ্ৰেছে সংসদত কথা পাতিবলৈ আৰু বিষয়বোৰ উত্থাপন কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু চৰকাৰে কংগ্ৰেছক কোনো সুযোগ দিয়া নাছিল । খাৰ্গেয়ে উল্লেখ কৰা মতে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ১৪৬ গৰাকী সাংসদক নিলম্বন কৰা হৈছে ।

ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা' ১৪ জানুৱাৰীত ইম্ফলৰ পৰা আৰম্ভ হ'ব আৰু ৬,৭১৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । ১০০ টা লোকসভা সমষ্টি আৰু ৩৩৭ টা বিধানসভা সমষ্টি আৰু ১১০ খন জিলাক সামৰি লোৱা হ'ব । কংগ্ৰেছৰ এই যাত্ৰা ২০ বা ২১ মাৰ্চত মুম্বাইত সমাপ্ত হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :মহাদেৱ বেটিং এপ গোচৰ; ইডিৰ পৰিপূৰক অভিযোগনামাত ভূপেশ বাঘেলৰ নাম

ABOUT THE AUTHOR

...view details