নিউজ ডেস্ক, 23 নৱেম্বৰ:বৃহস্পতিবাৰে কংগ্ৰেছে কয় যে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি “পনৌতি” আৰু “জেবকাত্ৰা”ৰ দৰে শব্দৰ উচ্চাৰণ কৰাত কোনো দোষ নাই । ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কংগ্ৰেছৰ সংবাদ মাধ্যমৰ মুৰব্বী পৱন খেৰাই কয়, ‘‘ইচিৰ জাননীৰ প্ৰতি আমি সঠিক সঁহাৰি দিম ।’’
নিৰ্বাচন আয়োগে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ কৰি 25 নৱেম্বৰত পেনেলৰ সন্মুখত হাজিৰ হৈ ৰাজস্থানত শেহতীয়াকৈ নিৰ্বাচনী ভাষণৰ সময়ত কৰা মন্তব্যৰ ব্যাখ্যা দিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পিছতে দলটোৱে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যক লৈ ক্ষোভিত হৈ পৰা বিজেপিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত নিৰ্বাচন আয়োগে ৰাহুল গান্ধীলৈ এই জাননী প্ৰেৰণ কৰিছে ।
‘‘হিন্দী ভাষাত ‘পনৌতি’ মানে এনে এজন ব্যক্তি যিয়ে বেয়া খবৰ লৈ আহে আৰু ‘জেবকাত্ৰা’ হৈছে এজন পকেটমাৰৰ সমাৰ্থক শব্দ । ৰাহুল গান্ধীয়ে শব্দ দুটাৰ ব্যৱহাৰত কোনো দোষ নাই । জনসমাগমৰ পৰাই পনৌতি শব্দটো আহিছিল আৰু তেওঁ কাৰো নাম নোলোৱাকৈয়ে মাথোঁ আওঁৰাইছিল । আহমেদাবাদৰ ক্ৰিকেট বিশ্বকাপৰ খেলখন অনুষ্ঠিত হোৱা ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল । গতিকে, এই শব্দ দুটা প্ৰধানমন্ত্ৰীক উদ্দেশ্য়ি প্ৰয়োগ কৰা হৈছিল বুলি কোৱাটো অতি অস্পষ্ট অভিযোগ ৷’’ কংগ্ৰেছৰ এজন সদস্যই এইদৰে কয় ।
“জেবকাত্ৰা আকৌ আন এটা উপমাৰ অংশ, যিটো সাধাৰণতে কিবা এটা বুজাবলৈ ব্যৱহাৰ কৰা হয় । ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ কোনো নাম লোৱা নাছিল ।’’ এই দুটা কথাই নিৰ্বাচন আয়োগৰ জাননীৰ প্ৰতি ৰাহুল গান্ধীৰ সঁহাৰিৰ ভিত্তি গঠন কৰিব বুলি দলৰ অভিজ্ঞতাপুষ্ট লোকসকলে কয় ৷ অৱশ্যে কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকী নিৰ্বাচন আয়োগৰ সন্মুখত ব্যক্তিগতভাৱে হাজিৰ হোৱাৰ সম্ভাৱনা নাই আৰু তেওঁৰ অধিবক্তাই উপযুক্ত উত্তৰ দাখিল কৰিব ।