নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ :কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত তিনিখন কৃষি আইন বাতিল(Farm laws repeal) ৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে বিৰোধী কংগ্ৰেছে চৰকাৰক আদৰণি জনাইছে । কিন্তু কৃষি আইন বাতিলৰ (Farm laws repeal) সিদ্ধান্ত লোৱাৰ পাছতো কংগ্ৰেছৰ আৰু বহুকেইটা দাবী আছে । যাৰ বাবে কৃষি আইনৰ উপৰিও কৃষকৰ উন্নয়নৰ বাবে তেওঁলোকৰ দাবীসমূহ চৰকাৰক মানি ল'বলৈ দাবী জনাইছে । ইফালে ডিচেম্বৰ মাহত কংগ্ৰেছ দলে বিভিন্ন দাবীৰে দিল্লীত এক সমদলো উলিয়াব ।
কৃষিজাত সামগ্ৰীৰ বাবে নিম্নতম সমৰ্থন মূল্য (MSP) নিয়মীয়া কৰাৰ দাবীত উলিওৱা হ'ব এই সমদল । সোমবাৰে কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতাসকলৰ উপস্থিতিত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদ মাধ্যমক AICC ৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে (AICC General Secretary KC Venugopal) কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কংগ্ৰেছৰ এই সমদলৰ অন্যতম দাবী হ'ব ।
বেণুগোপালৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত কংগ্ৰেছৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত নেতা, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু বিধায়কসকলে অংশগ্ৰহণ কৰে । বৈঠকত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ মুখ্য নেতাসকলৰ ভিতৰত আছিল অনিল চৌধুৰী, শক্তি সিংহ গোহিল, অজয় কুমাৰ লাল্লু, কুমাৰী চেলজা, ভূপিন্দৰ হুদা, বিবেক বনচাল, চৰণজিৎ সিং চান্নী, নৱজ্যোত সিং সিদ্ধু আৰু হৰিশ চৌধুৰী আদি ।