অসম

assam

ETV Bharat / bharat

Jai Bharat Satyagraha: ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভ কৰিছে ‘জয় ভাৰত সত্যাগ্ৰহ’ - Adani stock scam

ভাৰত জোড়ো যাত্ৰা, হাথ ছে হাথ জোড়ো যাত্ৰাৰ পাচত এইবাৰ কংগ্ৰেছে আৰম্ভ কৰিব ‘জয় ভাৰত সত্যাগ্ৰহ’ অভিযান ৷ 29 মাৰ্চৰ পৰা সম্পূৰ্ণ 1 মাহ চলিব এই অভিযান ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা আৰু গৌতম আদানীৰ বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে দেশজুৰি চলিব এই অভিযান ৷

Jai Bharat Satyagraha
ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভ কৰিছে ‘জয় ভাৰত সত্যাগ্ৰহ’

By

Published : Mar 28, 2023, 10:53 PM IST

নেশ্যনেল ডেস্ক, 28 মাৰ্চ: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা, গৌতম আদানীৰ বিত্তীয় কেলেংকাৰী আদি বিষয়ক লৈ কংগ্ৰেছে আৰম্ভ কৰিব ‘জয় ভাৰত সত্যাগ্ৰহ’ অভিযান (Jai Bharat Satyagraha) ৷ ব্লক, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সম্পূৰ্ণ এমাহজোৰা হ’ব এই কাৰ্যসূচী ৷ মঙলবাৰে এই কথা সদৰী কৰে নিখিল ভাৰত কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেচি বেণুগোপালে (KC venugopal) ৷

প্ৰতিবাদৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লাত ‘লোকতন্ত্ৰ বচাও মশাল শান্তি মাৰ্চ’ নামেৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু সাংসদসকলে মঙলবাৰে এক কাৰ্যসূচী গ্ৰহণ কৰে ৷ 28 আৰু 29 মাৰ্চ তাৰিখে দুদিনীয়াকৈ দিল্লীৰ লগতে দেশৰ 35খন চহৰত আয়োজন কৰা হৈছে “Loktantra Bachao Mashal Shanti March” শীৰ্ষক এই কাৰ্যসূচী ৷ 29 মাৰ্চত দলটোৰ অনুসূচীত জাতি, অনুসূচীত জনজাতি, অবিচি আৰু সংখ্যালঘু মৰ্চাই বিজেপিৰ বিৰুদ্ধে জিলা সদৰত ড৹ বি আৰ আম্বেদকাৰ বা মহাত্মা গান্ধীৰ মূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব (AICC Jai Bharat Satyagraha mission) ৷

আনহাতে, ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ বিৰুদ্ধে 29 মাৰ্চৰ পৰা 28 এপ্ৰিললৈ ‘জয় ভাৰত সত্যাগ্ৰহ’ আৰম্ভ কৰিব কংগ্ৰেছে ৷ কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেচি বেণুগোপালে কয় যে, নৰেন্দ্ৰ মোডী আৰু আদানীয়ে জনসাধাৰণৰ ধন আৰু ৰাষ্ট্ৰৰ সম্পদৰ স্পষ্ট লুণ্ঠনৰ বিৰুদ্ধে ৰাইজৰ হৈ মাতমাতিবলৈ সংকল্পবদ্ধ কংগ্ৰেছ (Adani stock scam) ৷

‘জয় ভাৰত সত্যাগ্ৰহ’ৰ কাৰ্যসূচী অনুসৰি সকলো ব্লক বা মণ্ডলৰ কংগ্ৰেছ গোটে ‘জয় ভাৰত সত্যাগ্ৰহ’ বেনাৰত সভা অনুষ্ঠিত কৰিব আৰু ৰাইজক সম্বোধন কৰিব ৷ ইফালে, সামাজিক মাধ্যম আৰু টেলিভিশ্যনৰ যোগেদিও ৰাহুল গান্ধীৰ বাৰ্তা ৰাইজলৈ প্ৰেৰণ কৰিব কংগ্ৰেছে ৷ 31 মাৰ্চত সকলো জিলা সদৰত ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ দ্বাৰা সংবাদমেল অনুষ্ঠিত হ’ব আৰু 1 এপ্ৰিলত সকলো মণ্ডলত সভা অনুষ্ঠিত হ’ব ৷ 3 এপ্ৰিলৰ পৰা যুৱ কংগ্ৰেছে প’ষ্ট কাৰ্ড প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব (Rahul Gandhi disqualification) ৷

এই সময়ছোৱাত নতুন দিল্লীত সৰ্বভাৰতীয় মহিলা কংগ্ৰেছে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিব ৷ 15 ৰ পৰা 20 এপ্ৰিললৈ জিলা পৰ্যায়ত ‘জয় ভাৰত সত্যাগ্ৰহ’ চলোৱা হ’ব ৷ কংগ্ৰেছৰ জিলা কাৰ্যালয়তো জয় ভাৰত সত্যাগ্ৰহ সভা অনুষ্ঠিত হ’ব আৰু জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিব কংগ্ৰেছ কৰ্মীসকলে ৷

লগতে পঢ়ক:Constituency delimitation: 2001 চনৰ লোকপিয়লকে ভিত্তি হিচাবে লৈ অসমত পুনঃনিৰ্ধাৰণ হ’ব সমষ্টি\

ABOUT THE AUTHOR

...view details