নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: বুধবাৰে কংগ্ৰেছে তেওঁলোকৰ ডিজিটেল মিডিয়া প্লেটফৰ্ম আইএনচি টিভি মুকলি কৰিব । মুকলি অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক ৰণদ্বীপ সিং সূৰ্যেৱালাৰ ।
কংগ্ৰেছে মুকলি কৰিছে আই এন চি টিভি - সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক ৰণদ্বীপ সিং সুৰজেৱালা
ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক ৰণদ্বীপ সিং সূৰ্যেৱালাৰ উপস্থিতিত কংগ্ৰেছে তেওঁলোকৰ ডিজিটেল মিডিয়া প্লেটফৰ্ম আইএনচি টিভি মুকলি কৰিব ।
![কংগ্ৰেছে মুকলি কৰিছে আই এন চি টিভি আজি কংগ্ৰেছে আইএনচি টিভি মুকলি কৰিব](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11395106-666-11395106-1618368461230.jpg)
আজি কংগ্ৰেছে আইএনচি টিভি মুকলি কৰিব
দলীয় সূত্ৰ অনুসৰি, কংগ্ৰেছক লৈ চলা ভুৱা তথ্য প্ৰচাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ আইএনচি টিভি মুকলি হ'ব । যদিও দলটোৰ নেশ্যনেল হেৰাল্ড আৰু নৱজীৱন নামৰ চেনেল আছে সেইকেইটা এজেএল নামৰ এটা ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত হয় ।
লগতে পঢ়ক: আগৰতলাৰ মুঠ সাতটাকৈ স্থানত ইডিৰ অভিযান