নেশ্যনেল ডেস্ক,২৮ ডিচেম্বৰ :লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে দেশজুৰি আৰম্ভ কৰিব 'ভাৰত ন্যায় যাত্ৰা' । এই যাত্ৰাৰ নেতৃত্ব দিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে পৰিগণিত এই যাত্ৰা অহা বছৰ ১৪ জানুৱাৰীৰ পৰা ২০ মাৰ্চলৈ চলিব । দেশৰ ৯০ টা সংসদীয় সমষ্টিৰ মাজেৰে যাব কংগ্ৰেছৰ এই যাত্ৰা ।
কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা' আছিল দেশৰ অৰ্থনৈতিক অসমতা, ৰাজনৈতিক কেন্দ্ৰীকৰণ আৰু সামাজিক মেৰুকৰণৰ বিৰুদ্ধে । আনহাতে 'ভাৰত ন্যায় যাত্ৰা'ৰ জৰিয়তে কংগ্ৰেছে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ন্যায় প্ৰদানৰ ওপৰত গুৰুত্ব দিব । এই যাত্ৰাত অন্তৰ্ভুক্ত হ'ব লগা ১৪ খন ৰাজ্যৰ ভিতৰত আছে মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰ ।
সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙে কয় যে ৰাহুল গান্ধীয়ে এক প্ৰকাৰৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিব । কংগ্ৰেছৰ প্ৰথমটো যাত্ৰাই যিধৰণে দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছিল একেদৰে এই যাত্ৰাইও অনুৰূপ প্ৰভাৱ পেলাব বুলিও তেওঁ আশাবাদী । ই এক বৃহৎ ৰাজহুৱা যোগাযোগৰ কাৰ্যসূচী হ'বলৈ গৈ আছে বুলিও উল্লেখ কৰে অসম আৰু মধ্য প্ৰদেশৰ দায়িত্বত থকা জীতেন্দ্ৰ সিঙে ।
দলৰ ভিতৰুৱা খবৰ অনুসৰি প্ৰথমতে মহাত্মা গান্ধীৰ জন্মস্থান গুজৰাটৰ পোৰবন্দৰত এই যাত্ৰা সমাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছিল কিন্তু পিচত সামৰণিৰ স্থান মুম্বাইলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় ।