অসম

assam

ETV Bharat / bharat

দেশৰ ৫৩৯ টা সমষ্টিৰ বাবে পৰ্যবেক্ষক নিযুক্তি কংগ্ৰেছৰ

লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী কংগ্ৰেছ পূৰ্ণগতিত প্ৰস্তুতি আৰম্ভ কৰিছে (Lok Sabha Election 2024)। মিত্ৰজোঁটৰ সৈতে আসন ভাগ-বটোৱাৰা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে দেশৰ প্ৰতিটো সমষ্টিতে জৰীপ চলোৱাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে । সমষ্টিসমূহৰ বাবে পৰ্যবেক্ষকৰ তালিকাও প্ৰকাশ কৰিছে ।

By PTI

Published : Jan 8, 2024, 2:32 PM IST

Congress for Lok Sabha election
দেশৰ ৫৩৯ টা সমষ্টিৰ বাবে পৰ্যবেক্ষক নিযুক্তি কংগ্ৰেছৰ

নেশ্যনেল ডেস্ক, ৮ জানুৱাৰী :বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ ভিতৰচ'ৰাত আসন ভাগ-বটোৱাৰাক লৈ চৰ্চা চলি থকাৰ মাজতে কংগ্ৰেছ দলে দেশৰ সংসদীয় সমষ্টিসমূহৰ বাবে পৰ্যবেক্ষকৰ তালিকা প্ৰকাশ কৰিছে । পৰ্যবেক্ষকসকলে দেশৰ সংসদীয় সমষ্টিত জৰীপ চলাব আৰু শীৰ্ষ নেতৃত্বক ইয়াৰ মতামত প্ৰদান কৰিব । তাৰ পাছতে কংগ্ৰেছে বিৰোধী মিত্ৰজোঁটৰ বাকী দলসমূহৰ সন্মুখত পছন্দৰ সমষ্টিসমূহ দাবী কৰিব বুলি আশা কৰা হৈছে ।

এই সন্দৰ্ভত সামাজিক মাধ্যমৰ এটা পোষ্টত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে কংগ্ৰেছ দলে দেশৰ ৫৩৯ টা সংসদীয় সমষ্টিক সামৰি পৰ্যবেক্ষকৰ তালিকা প্ৰকাশ কৰিছে আৰু শীঘ্ৰেই বাকী ৪ টা সমষ্টিৰ বাবেও পৰ্যবেক্ষক ঘোষণা কৰা হ'ব । তেওঁ লগতে লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলটো সাজু হোৱাৰ কথা উল্লেখ কৰি লিখিছে, "হে ট্যায়াৰ হম ! বদলেগা ভাৰত । জিতেগা ইণ্ডিয়া !"

শনিবাৰে এক সংবাদমেলত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কৈছিল যে দলটোৱে কিমানখন আসনত প্ৰতিদ্বন্দিতা কৰিব সেই বিষয়ে অনাগত দিনত সিদ্ধান্ত ল'ব কিন্তু ৫০০ তকৈ অধিক সমষ্টিত দলৰ পৰ্যবেক্ষকসকলে জৰীপ চলাব । তেওঁ কৈছিল যে 'ইণ্ডিয়া' ব্লক অংশীদাৰসকলৰ সৈতে আলোচনাৰ পিচতহে আসনৰ সঠিক সংখ্যা জানিব পৰা যাব ।

খাৰ্গেয়ে কৈছিল যে কংগ্ৰেছ দলে সকলো ঠাইতে দলৰ প্ৰচেষ্টা চলাবলৈ চেষ্টা কৰি আছে । কিন্তু মিত্ৰজোঁটৰ মাজত এতিয়াও আসন ভাগ-বটোৱাৰাক লৈ অস্থিৰতা আছে । সেয়ে সকলো স্পষ্ট কৰিবলৈ কংগ্ৰেছে প্ৰতিটো সমষ্টিতে পৰ্যবেক্ষক নিযুক্তি দিছে । পৰ্যবেক্ষকসকলে প্ৰতিটো সংসদীয় সমষ্টিত জৰীপ চলাব । প্ৰতিখন ৰাজ্যতে জৰীপ চলোৱাৰ পাছত সঠিক আসনৰ সংখ্যা ওলাই আহিব ।

সাধাৰণ নিৰ্বাচনৰ বাবে সংসদীয় সমষ্টি অনুসৰি পৰ্যবেক্ষক নিযুক্তিৰ প্ৰস্তাৱত তাৎক্ষণিক প্ৰভাৱৰ সৈতে অনুমোদন জনোৱা হৈছে । দলীয় সূত্ৰৰ মতে পাঞ্জাব আৰু দিল্লীৰ আম আদমি পাৰ্টীৰ সৈতে আসন ভাগ-বটোৱাৰাৰ বাবে আনুষ্ঠানিক আলোচনা সোমবাৰে আৰম্ভ হ'ব । ইতিমধ্যে কিছুমান পক্ষৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

আসন ভাগ-বটোৱাৰা সম্পৰ্কীয় কংগ্ৰেছৰ ৫ জনীয়া সমিতিয়ে ইতিমধ্যে ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বীসকলৰ সৈতে আভ্যন্তৰীণ আলোচনা কৰিছে আৰু ইয়াৰ ফলাফল দলৰ মুৰব্বী খাৰ্গেক হস্তান্তৰ কৰিছে ।

ইফালে নিৰ্বাচন সমিতিও গঠন কৰা হৈছে । সমিতিখনত ৪ গৰাকী পদস্থ সদস্যৰ উপৰিও ৩৮ গৰাকী সদস্য আছে । কংগ্ৰেছে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটিত ৬ গৰাকী উপ-সভাপতি, ৭ গৰাকী সাধাৰণ সম্পাদক আৰু ১৯ গৰাকী সচিবকো নিযুক্তি দিছে । দলটোৱে ত্ৰিপুৰা গোটত এগৰাকী কোষাধ্যক্ষ আৰু ৪১ গৰাকী কাৰ্যবাহী সদস্য নিযুক্তি দিছে ।

লগতে পঢ়ক :'ইণ্ডিয়া'ৰ আসন ভাগ-বাটোৱাৰা, কংগ্ৰেছে ৫০০ টা সমষ্টিত চলাব জৰীপ

ABOUT THE AUTHOR

...view details