অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বৈঠকত উপস্থিত থাকিব কংগ্ৰেছ দল

2019 চনৰ 15 আগষ্টত অনুচ্ছেদ 370 (ARTICLE 370) আৰু 35 A( ARTICLE 35 A) বাতিলৰ পাচত প্ৰথমবাৰৰ বাবে 24 জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM MODI)য়ে আহ্বান কৰা সৰ্বদলীয় বৈঠক (ALL PARTY MEETING)ত অংশ গ্ৰহণ কৰিব ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) দলে ৷

By

Published : Jun 23, 2021, 8:56 AM IST

Congress to attend all-party meeting called by PM on Jammu and Kashmir
জম্মু-কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকত উপস্থিত থাকিব কংগ্ৰেছ দল

নেশ্যনেল ডেস্ক, 23 জুন:জম্মু-কাশ্মীৰ সন্দৰ্ভত 24 জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM MODI)য়ে আহ্বান কৰা সৰ্বদলীয় বৈঠকত অংশ গ্ৰহণ কৰিব ভাৰতীয় জাতীয় কংগ্ৰেছ (INC) দলে ৷ 2019 চনৰ 15 আগষ্টত অনুচ্ছেদ 370 (ARTICLE 370) আৰু অনুচ্ছেদ 35 A( ARTICLE 35 A) বাতিলৰ পাচত এইখনেই হ'ব প্ৰথমখন সৰ্বদলীয় বৈঠক (ALL PARTY MEETING) ৷ মঙলবাৰে দলটোৰ জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধীৰ নেতৃত্বত আয়োজন কৰা এখনত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে দলটোৰ জ্যেষ্ঠ নেতা সকলে ৷

বৈঠকত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং আৰু জ্যেষ্ঠ নেতা কৰণ সিং, গুলাম নবী আজাদ, পি চিদাম্বৰম আৰু গুলাম আহমেদ মীৰ উপস্থিত আছিল । 24 জুনত অনুষ্ঠিত হ'বলগীয়া সৰ্বদলীয় বৈঠকত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদ, প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তাৰা চান্দ আৰু ৰাজ্যিক কংগ্ৰেছ সমিতিৰ মুৰব্বী গোলাম আহমেদ মীৰে অংশগ্ৰহণ কৰিব । ইফালে, এই বৈঠকৰ অন্তত ৰাজ্যিক কংগ্ৰেছ সমিতিৰ মুৰব্বী গোলাম আহমেদ মীৰে কয়, সকলো সমস্যা সমাধানৰ মূল আৰু সহজ উপায় হৈছে আলোচনা ৷ গতিকে আমাৰ সমস্যা সমূহ সমাধানৰ বাবে এই বৈঠকত উপস্থিত থাকিব লাগিব ৷ আমি বিশ্বাস কৰো যে, আমন্ত্ৰিত বৈঠকত কোনো কাৰ্যসূচী উল্লেখ কৰা নাই সেয়েহে বিষয় সন্দৰ্ভত এতিয়াই অনুমান কৰাটো শুদ্ধ নহ'ব ৷

আনহাতে, কংগ্ৰেছ দলে স্পষ্টকৈ কৈছিল যে, তেওঁলোকে জম্মু আৰু কাশ্মীৰৰ বাবে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ দাবীত অটল থাকিব, যিটো 6 আগষ্ট, 2019 তাৰিখে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ প্ৰস্তাৱত উল্লেখ কৰা হৈছিল । দেওবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখ্য মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই এখন সংবাদমেল আয়োজন কৰি কৈছিল যে, "কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে 2019 চনৰ 6 আগষ্টত গৃহীত কৰা প্ৰস্তাৱ অনুসৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে স্পষ্টভাৱে জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ দাবী জনাইছিল । গতিকে আমি বিশ্বাস কৰোঁ যে ইয়াক অসম্পূৰ্ণ কৰাটো গণতন্ত্ৰ আৰু সাংবিধানিক নীতিৰ ওপৰত পোনপটীয়া আক্ৰমণ।"

লগতে মুখপাত্ৰ গৰাকীয়ে কয়, জম্মু আৰু কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ পাচত নিৰ্বাচন অনুষ্ঠিত কৰি জনতাই তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰিব ৷ তেতিয়া দিল্লীৰ দ্বাৰা শাসন কৰাৰ পৰিৱৰ্তে ৰাজ্যখনৰ কাম-কাজ চলাবলৈ তেওঁলোকৰ নিজা এখন বিধানসভা থাকিব। জম্মু-কাশ্মীৰত গণতান্ত্ৰিক অধিকাৰৰ সম্পূৰ্ণ পুনৰুদ্ধাৰৰ নিশ্চয়তা দিয়াৰ বাবে ই হৈছো একমাত্ৰ পথ ৷

লগতে পঢ়ক :দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা: 'Well done India!'

ABOUT THE AUTHOR

...view details