আগৰতলা,৩০ মে': ত্ৰিপুৰাত তুংগত উঠিছে উপনিৰ্বাচনৰ প্ৰচাৰ অভিযান(Bypolls to 4 seats to be held in Tripura) । উপ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে কংগ্ৰেছও তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান । কংগ্ৰেছৰ প্ৰচাৰ অভিযানত শাসকীয় BJP কঠোৰ সমালোচনা কংগ্ৰেছী নেতৃত্বৰ । BJP চৰকাৰ দাবী পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ আখ্যা বৰদোৱালী বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আশীষ কুমাৰ সাহাৰ ।
সাহাই উল্লেখ কৰে যে জনতাই BJP ক বিশ্বাসত ভোট দিছিল । কিন্তু চৰকাৰে জনসাধাৰণৰ দাবী পূৰণ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে । পৰিৱৰ্তন, উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ বাবে জনসাধাৰণে ক্ষমতাত থকা বিজেপিক ভোট দিয়ে । কিন্তু জনসাধাৰণৰ আশা পূৰণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে আৰু সেয়েহে BJP ক মানুহে ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে ।
তেওঁ লগতে কয় যে মানুহৰ বাবে তেওঁলোক উভতি আহিছে । কংগ্ৰেছ জনসাধাৰণৰ আশা আৰু দাবী পূৰণ কৰিবলৈ সংকল্পবদ্ধ । বৰ্তমানৰ চৰকাৰ গঠনহোৱাৰ পিছৰে পৰা ই জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই বুলিও BJP ক কঠোৰ সমালোচনা কৰে সাহাই ।